গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড (GSCL)-ত কনিষ্ঠ প্ৰৱন্ধক পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড (GSCL)-ত কনিষ্ঠ প্ৰৱন্ধক পদ খালী

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড (GSCL)-ৰ বিষয়েঃ 

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পসমূহৰ ৰূপায়ন, নিৰীক্ষণ, সমন্বয় স্থাপন, নক্সা প্ৰস্তুত আৰু পৰিকল্পনাৰ বাবো  স্পেচিয়েল পাৰ্পোজ ভেহিকলৰ ৰূপত গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড স্থাপন কৰা হৈছে। এই স্মাৰ্ট চিটী লিমিটেড ভাৰতীয় কোম্পানী আইন, ২০১৩ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত অসম চৰকাৰৰ সমান অংশীদাৰ আছে।

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড (GSCL)-এ কনিষ্ঠ প্ৰৱন্ধক পদৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড (GSCL)ত নিযুক্তি-২০২২ঃ 

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড (GSCL)-এ কনিষ্ঠ প্ৰৱন্ধক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছেঃ 

 প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

কনিষ্ঠ প্ৰৱন্ধক ( বৈদ্যুতিক) 

খালী পদৰ সংখ্যা

০১ টা। 

বয়সৰ সীমা

০১-০১-২০২২-ত সৰ্বোচ্চ ৩০  বছৰ। 

দৰমহা

বাৰ্ষিক ৩.৬ লাখ টকা। 

চাকৰিৰ স্থান

গুৱাহাটী। 

আবেদনৰ অন্তিম তাৰিখ

০১-০২-২০২২। 

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়। 


চাকৰিৰ প্ৰকৃতি

স্থায়ী। 


শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা বৈদ্যুতিক বা ইলেক্ট্ৰনিকচৰ  বি ই বা বি টেক হব লাগিব। নতুবা স্বীকৃতিপ্ৰাপ্ত পলিটেকনিকৰ পৰা বৈদ্যুতিক বা ইলেক্ট্ৰনিকচৰ কনিষ্ঠ অভিযন্তা হব লাগিব। 

অভিজ্ঞতাঃ 

বৈদ্যুতিক বা ইলেক্ট্ৰনিকচৰ বি ই বা বি টেকৰ ক্ষেত্ৰত শিক্ষা সমাপ্তিৰ ক্ষেত্ৰত বৈদ্যুতিক প্ৰকল্পত ন্যূনতম ১ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। 

খ) বৈদ্যুতিক বা ইলেক্ট্ৰনিকচৰ কনিষ্ঠ অভিযন্তাৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বৈদ্যুতিক প্ৰকল্পত ন্যূনতম ৩ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ প্ৰাৰম্ভিক জ্ঞান থাকিবই লাগিব। 

আবেদন প্ৰক্ৰিয়াঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২০ জানুৱাৰী, ২০২২-লৈকে gsclrecruitment@gmail.com-লৈ বা Guwahati Smart City Limited (GSCL), 04th Floor, Aditya Tower, Opposite of Downtown Hospital, G.S. Road, Guwahati-781006-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com