Begin typing your search above and press return to search.

গুৱাহাটীৰ হায়াট ছুপাৰস্পেচিয়েলিটী হাস্পতালত অভিযন্তা নিযুক্তি

গুৱাহাটীৰ হায়াট ছুপাৰস্পেচিয়েলিটী হাস্পতালে চিৱিল ইঞ্জিনীয়াৰৰ ৪ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটীৰ হায়াট ছুপাৰস্পেচিয়েলিটী হাস্পতালত অভিযন্তা নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2022 11:17 AM GMT

গুৱাহাটীৰ হায়াট ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ বিষয়েঃ


উত্তৰ-পূব ভাৰতৰ অন্যতম ছুপাৰস্পেচিয়েলিটী হাস্পতাল হৈছে গুৱাহাটীৰ হায়াত হাস্পতাল। এটা বিশেষজ্ঞ চিকিত্সকৰ দল, নাৰ্ছ আৰু পেৰামেডিকেল কৰ্মচাৰী, অভিজ্ঞ আৰু প্ৰশিক্ষিত হেলথকেয়াৰ পৰিচালকসহ হায়াত ছুপাৰস্পেচিয়েলিটী হাস্পতালে ৰোগীক মানসম্পন্ন সেৱা আগবঢ়াই আহিছে। হায়াত হাস্পতাল এখন ২০০ খন বিছনাযুক্ত মাল্টি ছুপাৰস্পেচিয়েলিটী হাস্পতাল। এই হাস্পতাল গুৱাহাটীৰ লালগণেশত অৱস্থিত। এই হাস্পতালক উত্তৰ-পূবৰ সৰ্বোত্তম ব্যক্তিগত চিকিত্সালয়ৰূপে জনা যায়। এই হাস্পতালে ৰোগীক সৰ্বোত্তম চিকিত্সা সেৱা আগবঢ়ায়।

গুৱাহাটীৰ হায়াট ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ নিযুক্তি ২০২২ঃ

গুৱাহাটীৰ হায়াট ছুপাৰস্পেচিয়েলিটী হাস্পতালে চিৱিল ইঞ্জিনীয়াৰৰ ৪ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

অভিযন্তা

খালী পদৰ সংখ্যা

৪টা।

দৰমহা

হায়াত হাস্পতালৰ নিয়ম অনুসৰি।

চাকৰিৰ স্থান

গুৱাহাটী. অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

০৭-০১-২০২২।

চাকৰিৰ প্ৰকৃতি

স্থায়ী।

বয়সৰ সীমা

উল্লেখ নাই।

আবেদনৰ মাচুল

নাই।

শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বি ই বা ডিপ্লমা অভিযন্তা হব লাগিব।

অভিজ্ঞতাঃ

ন্যূনতম ০-ৰ পৰা ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

ইচ্ছ্যুক প্ৰাৰ্থীসকলে অহা ৭ জানুৱাৰীৰ ভিতৰত recruitment@hayathospital.in-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭/০১/২০২২। .


সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।



আৰু চাব পাৰে :অসম লোকসেৱা আয়োগৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি




Next Story
চাকৰি