ফিউচাৰ বেংকাৰ্ছ ৭ বেটছত নিযুক্তিৰ বাবে এইচ ডি এফ চি বেংকৰ আবেদন আহ্বান
পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত উল্লেখ কৰা হৈছে :-

এইচ ডি এফ চি বেংকৰ বিষয়েঃ এইচ ডি এফ চি বেংক হৈছে বেংকিং আৰু বিত্তীয় সেৱা আগবঢ়োৱা এটা ভাৰতীয় কোম্পানী। এই বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ২০২১ৰ এপ্ৰিলৰ তথ্য অনুসৰি সম্পদ আৰু বজাৰ মূলধনীকৰণৰ দিশৰ পৰা এইচ ডি এফ চি বেংক ভাৰতৰ সবাতোকৈ বৃহত ব্যক্তিগত খণ্ডৰ বেংক। এইচ ডি এফ চি বেংকে ফিউচাৰ বেংকাৰ্ছ ৭ বেটছ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
তলত এই বিষয়ে সবিশেষ তথ্য পাব।
খালী পদৰ সংখ্যাঃ
এইচ ডি এফ চি বেংকে ফিউচাৰ বেংকাৰ্ছ ৭ বেটছ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত উল্লেখ কৰা হৈছে :-
পদৰ নাম | ফিউচাৰ বেংকাৰ্ছ ৭ বেটছ |
খালী পদ | ১২০০০টা। |
দৰমহা | মাহিলী ৫০০০ ৰ পৰা ১০ হেজাৰ টকা। |
বয়স | ২১ ৰ পৰা ২৬ বছৰ। |
নিযুক্তিৰ স্থান | সমগ্ৰ ভাৰতত। |
আবেদনৰ অন্তিম তাৰিখ | ৩০-১১-২০২১। |
ৱেবছাইট | www.hdfcbank.com |
আবেদনৰ নিয়ম আৰু মাচুল | অনলাইন। আবেদনৰ মাচুলঃ ৫০০ টকা। |
শিক্ষাগত অৰ্হতা:
প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী।
আগ্ৰহী প্ৰাৰ্থীয়ে www.hdfcbank.com-ৰ পৰা আবেদন জনাব পাৰিব।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া : পৰীক্ষা/সাক্ষাতকাৰ।