নাজিৰাৰ গেলেকীত নৰ-কংকাল উদ্ধাৰ

কেইজনমান শ্ৰমিকে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে পচি যোৱা কাপোৰৰ টুকুৰা আৰু কেইটুকোৰামান হাড়
নাজিৰাৰ গেলেকীত নৰ-কংকাল উদ্ধাৰ

শিৱসাগৰ জিলাত স্থিত নাজিৰাৰ গেলেকীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। ঘটনা ক্ৰমে, যোৱা সোমবাৰে ONGCৰ দ্বাৰা এখন তৈলক্ষেত্ৰ মেৰামতি কৰি থকা অৱস্থাত কেইজনমান শ্ৰমিকে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে পচি যোৱা কাপোৰৰ টুকুৰা আৰু কেইটুকোৰামান হাড় ৷

পৰৰ্ৱতী সময়ত শ্ৰমিককেই গৰাকীয়ে স্থানীয় লোকক এই বিষয়ে অৱগত কৰে। এই ঘটনাত স্থানীয় লোক সকলে কিছু সন্দেহ প্ৰকাশ কৰে কিয়নো উক্ত অঞ্চলটোৰ পৰা ২০১৩ চনত আচৰিত ভাৱে সন্ধানহীন হৈছিল এগৰাকী ব্যক্তি ৷ ২০১৩ চনৰ মে' মাহত আচৰিত ভাৱে নিৰুদ্দেশ হৈছিল হাটখুলাৰ অচ্যুত দত্ত নামৰ এগৰাকী ব্যক্তি ৷ এই ঘটনাত সন্দেহ জন্ম হোৱাৰ পাছতেই উদ্ধাৰ হোৱা কাপুৰ আৰু হাড়সমূহৰ বিষয়ে স্থানীয় লোক সকলে ততাতয়াকৈ আৰক্ষীক অৱগত কৰে।

ইয়াৰ পাছতেই উক্ত স্থানখিনিত আহি উপস্থিত হয় আৰক্ষীৰ দল। আৰু আৰক্ষীৰ অনুসন্ধানত উদ্ধাৰ কৰা হয় মানৱ শৰীৰৰ কিছু অবস্থিত হাড়। অৱশ্যে এই সন্দৰ্ভত বৰ্তমান সময়লৈকে কোনো তথ্য আহি পোৱা নাই। চিকিৎসা পৰীক্ষণৰ পাছতহে এই নৰি কংকালৰ সম্বন্ধীয় তথ্য উদ্ধাৰ হ'ব।

অৱশ্যে ২০১৩চনত নিৰুদ্দেশ হোৱা অচ্যুত দত্তৰ পত্নীয়ে, নৰ কংকালটোৰ সৈতে উদ্ধাৰ হোৱা কাপোৰ কানি তেওঁৰ স্বামীৰ বুলি দাবী প্ৰকাশ কৰিছে।

আৰু পঢ়ক : কন্যাই কৰালে অসবৰ্ণ বিবাহঃ ধৰ্ষণ কৰি হত্যা কৰিলে নিজ পিতৃয়ে

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com