Begin typing your search above and press return to search.

ভাৰতীয় বায়ু সেনাত ৰান্ধনি নিযুক্তি

আগ্ৰহী প্ৰাৰ্থী সকলে তলত উল্লেখ কৰা তথ্যসমূহ চাব পাৰে।

ভাৰতীয় বায়ু সেনাত ৰান্ধনি নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2021 11:53 AM GMT


ভাৰতীয় বায়ু সেনাৰ বিষয়েঃ

দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ বায়ু বা আকাশমাৰ্গৰ শাখা হৈছে ভাৰতীয় বায়ু সেনা। ভাৰতীয় বায়ু সেনাই বিশ্বৰ কৰ্মী আৰু সম্পদৰ ফালৰ পৰা বিশ্বৰ চতুৰ্থ স্থানৰ বায়ু সেনা। ভাৰতীয় বায়ু সেনাৰ মূল উদ্দেশ্য হৈছে শত্ৰুৰ পৰা দেশৰ আকাশমাৰ্গ ৰক্ষা কৰা আৰু আকাশী যুদ্ধৰ সংৰচনা কৰা। I ১৯৩২-ৰ ৮ অক্টোবৰত ভাৰতীয় বায়ু সেনা প্ৰতিষ্ঠা কৰা হয়। আৰম্ভণিতে ই ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়কাৰী বায়ু বাহিনী আছিল। ভাৰতীয় বায়ু সেনাই দ্বিতীয় বিশ্ব যুদ্ধত অংশ লৈছিল। প্ৰথম অৱস্থাত ইয়াৰ নামৰ আগত ৰয়েল শব্দটো আছিল। ১৯৫০-ত এই শব্দ ভাৰতীয় সেনাৰ নামৰ আগৰ পৰা আঁতৰ কৰা হয়।


১৯৬২-ৰ পৰা বায়ুসেনাই যুদ্ধত অংশ লৈছে। চীন আৰু পাকিস্তানৰ বিৰুদ্ধে ৪ খন যুদ্ধত অংশ লৈছে। ভাৰতীয় বায়ু সেনাই চলোৱা আন আন প্ৰধান অভিযানসমূহ হৈছে অপাৰেচন বিজয়, অপাৰেচন মেঘদূত, অপাৰেচন কেকটাছ আৰু অপাৰেচন পুমলাই। ভাৰতীয় ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ অংশৰূপেও দায়িত্ব পালন কৰিছে।

ভাৰতীয় বায়ু সেনাত নিযুক্তি ২০২১ঃ

ভাৰতীয় বায়ু সেনাই ৰান্ধনি নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হৈছেঃ



আগ্ৰহী প্ৰাৰ্থী সকলে তলত উল্লেখ কৰা তথ্যসমূহ চাব পাৰে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ৰান্ধনি

খালী পদ

০৫টা।

দৰমহা

নিয়ম অনুসৰি।

চাকৰিৰ স্থান

সমগ্ৰ ভাৰতত।

বয়স

০১-১২-২০২১ত ১৮-ৰ পৰা ২৫ বছৰৰ ভিতৰত হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ, অ বি চিয়ে প্ৰাৰ্থীয়ে ৩ বছৰ, বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ আৰু অ বি চিৰ বিশেষভাবে স৭ম প্ৰাৰ্থীয়ে ১৩ বছৰ বয়স ৰেহাই পাব।

বাছনি প্ৰক্ৰিয়া

আবেদন মাছুল

নাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

১৯ জানুৱাৰী, ২০২২

ৱেবছাইট


শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ, স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ডিপ্লমা। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ১ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে নিৰ্ধাৰিত প্ৰ-পত্ৰযোগে আবেদন জনাব পাৰে।


আৰু চাব পাৰে : NIT হামিৰপুৰ নিযুক্তি ২০২২ – ০৭ অনুষদৰ পদখালী


Next Story
চাকৰি