ICAR-ৰ উত্তৰ - পূব পাহাৰীয়া অঞ্চল চৌহদত পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR)-ৰ শ্বিলঙৰ উমিয়ামস্থিত উত্তৰ - পূব পাহাৰীয়া অঞ্চল চৌহদত যুৱ পেচাদাৰী আৰু প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : যুৱ পেচাদাৰী।
খালী পদৰ সংখ্যা : ০১টা ৷
দৰমহা : ২৫,০০০টকা ( মাহিলী) ৷
বয়স : ২১ - ৪৫বছৰ ৷
পদৰ নাম : প্ৰকল্প সহকাৰী
খালী পদৰ সংখ্যা : ০১ টা ৷
দৰমহা : ১৫,০০০টকা, (মাহিলী ) ৷
বয়স : ২১ - ৪৫বছৰ ৷
নিযুক্তিৰ স্থান : উমিয়াম, শ্বিলং
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১২/০৯/২০২১
শিক্ষাগত অৰ্হতা :
• যুৱ বিত্তিধাৰী : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি/ উদ্যান বিদ্যা/ তেনে কোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।
• প্ৰকল্প সহকাৰী : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি/ উদ্যান বিদ্যা/ তেনে কোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
সকলো ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীক নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে মেইল যোগে ১২ ছেপ্টেম্বৰ ২০২১ তাৰিখৰ আগেয়ে আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
মেইল : hdtanangicar@gmail.com
বাছনি কৰা প্ৰাৰ্থীসকল কৰ্তৃপক্ষই ধাৰ্য কৰা তাৰিখত অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰত উপস্থিত থাকিব লাগিব।
আৰু চাব পাৰেঃ তামিল পৰিচালকৰ ছবিত দ্বৈত চৰিত্ৰত শ্বাহৰুখ খান