Begin typing your search above and press return to search.

ICAR-ৰ উত্তৰ - পূব পাহাৰীয়া অঞ্চল উমিয়াম চৌহদত যুৱ পেচাদাৰীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ICAR-ৰ উত্তৰ - পূব পাহাৰীয়া অঞ্চল উমিয়াম চৌহদত যুৱ পেচাদাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Oct 2021 9:21 AM GMT


ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) অধীনত ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, ১৯৭৫চনৰ ০৯জানুৱাৰী তাৰিখে প্ৰতিস্থাপন কৰা হয়। এই অনুষ্ঠান আছিল গৱেষণা ক্ষেত্ৰত প্ৰতিস্থাপন প্ৰথমখন অনুষ্ঠান, য'ত সমাহাৰ কৰা হৈছিল উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চল সমূহৰ বাবে গৱেষণা সম্বন্ধীয় ভিন্ন বিভাগ যেনে কৃষি, উদ্ভিদবিদ্যা, পশু বিজ্ঞান, কৃষি অভিযন্তা, মৎস্য বিভাগ আদি। এই অনুষ্ঠানৰ মুখ্য কাৰ্য্যালয় মেঘালয়ৰ, বৰাপানী অঞ্চলতস্থিত। এই অনুষ্ঠানৰ আঞ্চলিক কেন্দ্ৰ সমূহ হৈছে, বছৰ (অৰুণাচল প্ৰদেশ), ইম্ফল (মণিপুৰ), কলাচিব (মিজোৰাম), ঝৰ্ণাপানি (নাগালেণ্ড), লেম্বোচেৰা (ত্ৰিপুৰা) আৰু গেংটক (ছিক্কিম), আৰু এই সমূহৰ লগতে লাগি আছে সৰ্বমুঠ ১৫টা কৃষি বিজ্ঞান কেন্দ্ৰ, যিয়ে কৃষক, স্কুল ত্যাগ কৰা বিদ্যাৰ্থী, মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চলত, উপযুক্ত প্ৰাৰ্থী সকলক যুৱ পেচাদাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ নাম : যুৱ পেচাদাৰী- ১ (পুঁজি আৰু হিচাপ)

খালী পদৰ সংখ্যা : ০২টা

বয়স : নূন্যতম ১৮বছৰ - অধিকতম ৪৫বছৰ।

দৰমহা : ২৫,০০০টকা, মাহিলী

পদৰ নাম : যুৱা বিত্তিধাৰী ১ (প্ৰশাসন)

খালী পদৰ সংখ্যা : ০১টা

বয়স : নূন্যতম ১৮বছৰ - অধিকতম ৪৫বছৰ

দৰমহা : ২৫,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : উমিয়াম, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৬/১১/২০২১

শিক্ষাগত অৰ্হতা :

• যুৱা বিত্তিধাৰী ১ (পুঁজি আৰু হিচাপ) : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা ৬০% নম্বৰ সহ B.Com. / BBA /BBS or MBA উত্তীৰ্ণ। লগতে সম্বন্ধীয় ক্ষেত্ৰত ১বছৰীয়া কৰ্ম অভিজ্ঞতা।

• যুৱা বিত্তিধাৰী ১ (প্ৰশাসন) : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত ৬০% নম্বৰ সহ উত্তীৰ্ণ। লগতে সম্বন্ধীয় ক্ষেত্ৰত ১বছৰীয়া কৰ্ম অভিজ্ঞতা

অতিৰিক্ত : এপ্লিকেচন, ভাৰ্টোৱেল মীটিং প্লেটফৰ্ম আৰু কম্পিউটাৰ কৌশল জনা সকলৰ বাবে সুবিধাজনক।

আবেদনৰ প্ৰক্ৰিয়া : প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ pdf ৰূপত recruitmentcell.icarneh@gmail.com মেইল যোগে নিৰ্দেশক, ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, উমীয়াম, মেঘালয় লৈ প্ৰেৰণ কৰিব লাগিব। আবেদন সহ যোগ কৰিব নিজ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ আৰু পাছপৰ্ট ফটো।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• সাক্ষাৎকাৰ অনলাইন ভিডিঅ' কনফাৰেন্স যোগে নুষ্ঠিত কৰা হ'ব।

আৰু চাব পাৰেঃ ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত সচিবীয় সহায়ক পদখালী

Next Story
চাকৰি