আই চি এ আৰৰ উত্তৰ-পূব পাহাৰীয়া অঞ্চলৰ গৱেষণা কেন্দ্ৰত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
আই চি এ আৰৰ উত্তৰ-পূব পাহাৰীয়া অঞ্চলৰ গৱেষণা কেন্দ্ৰত পদখালী

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উত্তৰ - পূব পাহাৰীয়া অঞ্চলৰ গৱেষণা কেন্দ্ৰত প্ৰকল্প সহায়কৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। ইচ্ছুক প্ৰাৰ্থীয়ে ICMR প্ৰকল্পৰ অধীনত ICAR RC উত্তৰ- পূব পাহাৰীয়া অঞ্চল, উমিয়ামত প্ৰকল্প সহকাৰী হিচাপে নিয়োজিত হ'ব লাগিব। আৰু ইয়াৰ বাছনি প্ৰক্ৰিয়া অনলাইন যোগে হোৱা সাক্ষাৎকাৰত ভিত্তি কৰি নিৰ্ধাৰিত হ'ব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা : ০১টা।

দৰমহা : ৩১,০০০ টকা, মাহিলী

বয়স : অধিকতম বয়স ৩০ বছৰ

নিযুক্তিৰ স্থান : দক্ষিণ গাৰো পাহাৰ

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৩/০৯/২০২১

প্ৰকল্পৰ সময়সীমা : ২০২২ জানুৱাৰী লৈ

প্ৰকল্পৰ নাম : "Prevalence and Drivers of Select Zoonotic Pathogen and use of Antimicrobial in Livestock Farm in Nortn East Region : A Mixed Method Study "

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী আৰু ৩ বছৰীয়া অভিজ্ঞতা থাকিব লাগিব নতুবা কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

• পশু - চিকিৎসা বা আণৱিক অণুজীৱ বিজ্ঞানত কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• চলিত ক'ৰণা মহামাৰী হেতু চৰকাৰে বান্ধি দিয়া নিয়ম - শৃংখলা অনুসৰি সাক্ষাৎকাৰ অনলাইন যোগে কৰা হ'ব। সকলো ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীক নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰাথমিক প্ৰতিলিপি স্কেন কৰি মেইলৰ জৰিয়তে ০৩ ছেপ্টেম্বৰ ২০২১ তাৰিখে, দুপৰীয়া ১২বজাৰ আগেয়ে আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

মেইল : vetmilton.@gmail.com

• সকলো নথি পত্ৰ চালি- জাৰি উপযুক্ত প্ৰাৰ্থী মেইল বা ফোন যোগে সাক্ষাৎকাৰৰ বিষয়ে অৱগত কৰোৱা হ'ব। সাক্ষাৎকাৰৰ দেখা দিয়া প্ৰাৰ্থী সমূহৰ নথিপত্রৰ প্ৰাথমিক প্ৰতিলিপি পিছৰ পৰ্যায়ত সত্যাসত্য ৰূপায়ন কৰা হ'ব ।

• সাক্ষাৎকাৰৰ তাৰিখ : ০৭ ছেপ্টেম্বৰ ২০২১, পুৱাৰ ১১ বজাৰ পৰা।

নিয়মাৱলী:

• সাক্ষাৎকাৰ বাতিল/ স্থগিত কৰোৱাৰ বাবে নিৰ্দেশক/ বিভাগীয় মুৰব্বী/ প্ৰকল্প প্ৰশিক্ষকৰ সম্পূৰ্ণ অধিকাৰ থাকিব।

বাছনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা বা সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি এই বাছনি কৰা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com