Begin typing your search above and press return to search.

ICAR-ৰ ছিকিম কেন্দ্ৰত যুৱ পেচাদাৰীৰ পদখালী

ICAR-ৰ ছিকিম কেন্দ্ৰত  যুৱ পেচাদাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2021 11:58 AM GMT

আই চি এ আৰঃ ভাৰত চৰকাৰৰ কৃষি গৱেষণা আৰু জ্ঞান বিভাগ ( কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰালয়)-ৰ অধীনত স্থাপিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ এটা স্বায়ত্ত্ব অনুষ্ঠান। সামাজিক পঞ্জীয়ন অধিনিয়ম ১৮৬০ৰ অধীনত এখনি পঞ্জীয়ক সমাজ ৰূপে পূৰ্বে এই অনুষ্ঠানৰ নাম আছিল কৃষি গৱেষণা ৰাজকীয় পৰিষদ (Imperial Council of Agricultural Research), আৰু ইয়াক প্ৰতিস্থাপন কৰা হৈছিল ১৯২৯ চনৰ ১৬জুলাইত। এই অনুষ্ঠানৰ মূখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। এই অনুষ্ঠানে কৃষি বিভাগীয় ভিন্ন বিভাগ যে উদ্ভিদ বিজ্ঞান, মৎস্য বিভাগ আৰু পশু বিজ্ঞান বিষয়ক কেন্দ্ৰ কৰি কাৰ্যনিৰ্বাহ কৰে।

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ চাকৰিৰ অধিসূচনা : ভাৰতীয় কৃষি গৱেষণা পৰিষদ ছিকিমত যুৱ পেচাদাৰীৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ নাম

যুৱ পেচাদাৰী-২

খালী পদৰ সংখ্যা

০১টা।

বয়সসীমা

২১-৪৫ বছৰ।

দৰমহা

মাহিলী ৩৫ হেজাৰ টকা।

চাকৰিৰ স্থান

গেংটক, ছিকিম।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

১১ নৱেম্বৰ, ২০২১

শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থী সংশ্লিষ্ট বিষয় তথা কৃষি অভিযান্ত্ৰিক / ভূমি জল সংৰক্ষণ/ কৃষি পদাৰ্থ বিজ্ঞান / কৃষি বতৰ বিজ্ঞান/ জল সম্পদ অভিযান্ত্ৰিক/ জল-বৈজ্ঞানিক বিজ্ঞানৰ স্নাতকোত্তৰ হব লাগিব। অথবা সংশ্লিষ্ট বিষয় ( বিজনেছ এডমিনিষ্ট্ৰেচনৰ ডিগ্ৰী বা জি আই এছ আৰু ৰিমোট ছেন্সিং / জিঅ-ইনফৰ্মেটিক্স বা সম্পৰ্কিত বিষয়ত এম এছ চি বা এম টেক হব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

১১ অক্টোবৰ, ২০২১ৰ পুৱা ১০-৩০ বজাৰ পৰা "Joint Director, ICAR-Sikkim Centre, Tadong – 737102, Gangtok, Sikkim-ৰ কাৰ্যালয়ত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব। আগ্ৰহী প্ৰাৰ্থীয়ে বায়োডাটা আৰু সংশ্লিষ্ট নতিপত্ৰসহ মৌখিক সাক্ষাতকাৰত বহিব পাৰে।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি