আই ডি বি আই বেংকত ৬৫০ সহকাৰী প্ৰৱন্ধকৰ পদ খালী
ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া(আইডিবিআই)-ই ভাৰতত সহকাৰী প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়াই ৬৫০ টা সহকাৰী প্ৰৱন্ধক পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই পদসমূহৰ তথ্য, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
পদৰ নাম-সহকাৰী প্ৰৱন্ধক।
খালী পদৰ সংখ্যাঃ ৬৫০ টা ।
অসংৰক্ষিত: ২৬৫ টা ।
এছ চি: ৯৭ টা ।
এছ টি: ৪৮ টা ।
ই ডব্লিউ এছ: ৬৫ টা ।
অবিচি: ১৭৫ টা ।
আইডিবিআই নিয়মাৱলী অনুসৰি দৰমহা দিয়া হ'ব ।
বয়সৰ সীমাঃ ২১ ৰ পৰা ২৪ বছৰ ।
বয়সৰ ৰেহাই:
অনুসূচিত জাতি /অনুসূচিত জনজাতি: ৫ বছৰ, অবিচি (নন-ক্ৰীমিলেয়াৰ): ৩ বছৰ, পি ডব্লিউ ডি: ১০ বছৰ ।
আবেদন গ্ৰহণৰ শেষ তাৰিখ -২২/০৮/২০২১ ।
আবেদনৰ মাচুল- অন্যান্য (আবেদন মাচুল + ইনটিমেচন মাচুল): ১০০০/- টকা ।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
অনুসূচীত জাতি/ অনুসূচীত জনজাতি/ পিডব্লিউডি (ইনটিমেচন মাচুল): ২০০/- টকা ।
পৰিশোধ কৰা প্ৰক্ৰিয়া: ডেবিট কাৰ্ড (ৰুপে/ ভিছা/ মাষ্টাৰকাৰ্ড/ মাষ্ট্ৰো), ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেঙ্কিং, আইএমপিএছ, কেছ কাৰ্ড/ মোবাইল ৱালেট ব্যৱহাৰ কৰি অনলাইন মাচুল পৰিশোধ কৰক ।
ৱেবছাইট https://www.idbibank.in/
সহকাৰী মেনেজাৰৰ বাবে অৰ্হতা আৰু যোগ্যতা- প্ৰাৰ্থীয়ে নিম্নতম ৬০% নম্বৰৰ সৈতে স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব (অনুসূচীত জাতি/অনুসূচীত জনজাতি/পিডব্লিউডিৰ বাবে ৫৫%) কম্পিউটাৰত দক্ষতাপূৰ্ণ হ'ব লাগিব ।
আইডিবিআই চাকৰি ২০২১-ৰ বাবে কেনেদৰে আবেদন কৰিব:
সহকাৰী মেনেজাৰৰ খালী পদৰ বাবে আবেদন কৰিবলৈ আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে আইডিবিআই নিযুক্তি পৰ্টেললৈ গৈ অনলাইন আবেদন কৰিব লাগিব।