Begin typing your search above and press return to search.

ভাৰতীয় কৃষকৰ সাৰ সমবায় লিমিটেডত প্ৰশিক্ষাৰ্থীৰ পদ খালী

ভাৰতীয় কৃষকৰ সাৰ সমবায় লিমিটেডে প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ভাৰতীয় কৃষকৰ সাৰ সমবায় লিমিটেডত প্ৰশিক্ষাৰ্থীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2022 12:21 PM GMT

ভাৰতীয় কৃষকৰ সাৰ সমবায় লিমিটেডৰ বিষয়েঃ

ভাৰতীয় কৃষকৰ সাৰ সমবায় লিমিটেড ( IFFCO) হৈছে এটা বহু ৰাজ্যভিত্তিক সমবায় সমাজ ৷ এই সমাজৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত ৷ ১৯৬৭-ত ৫৭ খন সদস্য সমবায়েৰে এই সমবায় লিমিটেড আৰম্ভ হয় ৷ জনমুৰি জি ডি পিৰ ভিত্তিত এই সমবায় লিমিটেড আজি বিশ্বৰ সৰ্ববৃহৎ সমবায় সমিতিত পৰিণত হৈছে ৷ সম্প্ৰতি ইয়াৰ সমবায় সদস্যৰ সংখ্যা প্ৰায় ৩৫ হেজাৰ আৰু ইয়ে দেশৰ ৫০ নিযুতৰো অধিক কৃষকক সামৰি লৈছে ৷

ভাৰতীয় কৃষকৰ সাৰ সমবায় লিমিটেডে প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে এবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ


ভাৰতীয় কৃষকৰ সাৰ সমবায় লিমিটেডৰ নিযুক্তি-২০২২ঃ

ভাৰতীয় কৃষকৰ সাৰ সমবায় লিমিটেডে প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম প্ৰশিক্ষাৰ্থী
খালী পদ নিৰ্দিষ্টকৈ উল্লেখ নাই ।
দৰমহা মাহিলী ২৮,৪০০ টকা।
চাকৰিৰ স্থান দিল্লী।
আবেদন মাচুল তথ্য উপলব্ধ নহয়।
বয়সৰ সীমাঃ ১ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৩০ বছৰ। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু ও বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব।
ৱেবছাইট

https://www.iffco.in/en/corporate

অন্তিম তাৰিখ ৩১-০১-২০২২

শিক্ষাগত অৰ্হতা:

২০১৯ বা তাৰ পাছত ইউ জি চি স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বি চি এ হ'ব লাগিব।


আবেদনৰ নিয়মঃ

: https://www.iffco.in/en/corporate-ৰ পৰা আবেদন জনাব পাৰিব।

বাছনি প্ৰক্ৰিয়াঃ অনলাইন পৰীক্ষা / সাক্ষাতকাৰ / স্বাস্থ্য পৰীক্ষা।


আৰু চাব পাৰে :মণিপুৰ উচ্চ ন্যায়ালয় নিয়োগ ২০২২ - চালকৰ খালী পদ


Next Story
চাকৰি