ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাপ্ৰেণিউৰশ্বিপ( আই আই গুৱাহাটী)ত পদ খালী

আই আই গুৱাহাটীয়ে বিভিন্ন প্ৰকল্প নিৰ্ভৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থীসকলে শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে।
ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাপ্ৰেণিউৰশ্বিপ( আই আই গুৱাহাটী)ত পদ খালী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাপ্ৰেণিউৰশ্বিপ( আই আই গুৱাহাটী)-ৰ বিষয়েঃ 

কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰালয় (বৰ্তমানৰ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্য়োগ-প্ৰতিষ্ঠান)-এ ১৯৯৩-ত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাপ্ৰেণিউৰশ্বিপ( আই আই গুৱাহাটী) স্থাপন কৰে। এই প্ৰতিষ্ঠান হৈছে এক স্বতন্ত্ৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান স্থাপনৰ উদ্দেশ্য হৈছে এণ্টাৰপ্ৰেণিউৰশ্বিপৰ বিকাশ সাধনত গুৰুত্ব দি ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰশিক্ষণ, গৱেষণা আৰু কনছালটেন্সী কামৰ ব্যৱস্থা কৰা। 

অসম, অৰুণাচল প্ৰদেশ, নগালেণ্ড চৰকাৰ আৰু ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI)-ক অংশীদাৰৰূপে লৈ আই আই গুৱাহাটীয়ে ১৯৯৪-ত কাম আৰম্ভ কৰে। 

আই আই গুৱাহাটীয়ে বিভিন্ন প্ৰকল্প নিৰ্ভৰ পদৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে। 

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাপ্ৰেণিউৰশ্বিপ( আই আই গুৱাহাটী)ত নিযুক্তি-২০২২ঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম 

প্ৰকল্প সহযোগী (প্ৰশিক্ষণ), প্ৰকল্প সহযোগী (বিপণন), মাল্টি টাস্কাৰ (গ্ৰেড-১), প্ৰকল্প মুৰব্বী (গ্ৰেড-১) 

খালীপদ

প্ৰকল্প সহযোগী (প্ৰশিক্ষণ)-ৰ ২টা, প্ৰকল্প সহযোগী (বিপণন)ৰ ১টা। , মাল্টি টাস্কাৰ (গ্ৰেড-১)-ৰ ১ টা আৰু প্ৰকল্প মুৰব্বী (গ্ৰেড-১)ৰ ১ টা। 

দৰমহা

-

চাকৰিৰ স্থান

গুৱাহাটী, অসম। 

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়। 

বাছনি প্ৰক্ৰিয়া

-

বয়সৰ সীমা

প্ৰকল্প সহযোগী (প্ৰশিক্ষণ)  ক্ষেত্ৰত ২৫-ৰ পৰা ৩২ বছৰ।  প্ৰকল্প সহযোগী (বিপণন)ৰ ক্ষেত্ৰত ২৫-৩০ বছৰ। মাল্টি টাস্কাৰ (গ্ৰেড-১)-ৰ ক্ষেত্ৰত ২০-২৮ বছৰ। প্ৰকল্প মুৰব্বী (গ্ৰেড-১)ৰ ক্ষেত্ৰত উল্লেখ নাই। 

অন্তিম তাৰিখ 

২৪ জানুৱাৰী, ২০২২

ই-মেইল

recruitmentcell.iie@gmail.com। 

শিক্ষাগত অৰ্হতাঃ 

প্ৰকল্প সহযোগী (প্ৰশিক্ষণ)ৰ ক্ষেত্ৰত স্নাতক ডিগ্ৰী বিশেষকৈ সামাজিক কৰ্ম / গ্ৰাম্য উন্নয়ন / অৰ্থনীতি/ ডেভেলপমেণ্ট ষ্টাডীজ, সমাজ বিজ্ঞানৰ হব লাগে।

অভিজ্ঞতাঃ সামাজিক / সামূহিক উন্নয়নৰ বাবে কৰা প্ৰকল্পৰ কামত ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।  ক্ষেত্ৰ আইনী কামত বিস্তৃত অভিজ্ঞতা থাকিব লাগিব। 

 প্ৰকল্প সহযোগী (বিপণন)ঃ প্ৰাৰ্থীৰ স্নাতক ডিগ্ৰী থাকিব লাগিব। মাৰ্কেটিঙৰ এম বি এ ডিগ্ৰীধাৰীসকলে অগ্ৰাধিকাৰ পাব। 

অভিজ্ঞতাঃ মাৰ্কেটিঙত ন্যূনতম ২ বছৰ কাম কৰাৰ সাক্ষ্য-প্ৰমাণ থাকিব লাগিব। FMCG খণ্ডত অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব। 

মাল্টি টাস্কাৰ (গ্ৰেড-১)ঃ যিকোনো শাখাত উচ্চতৰ মাধ্যমিক। 

অভিজ্ঞতাঃ কাৰ্যায়লৰ কামৰ ক্ষেত্ৰত মাল্টিটাস্কিং কামত ন্যূনতম ১ বছৰৰ অভিজ্ঞতা। 

 প্ৰকল্প মুৰব্বী (গ্ৰেড-১)ঃ মেনেজমেণ্ট বা আন সংশ্লিষ্ট ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী। 

অভিজ্ঞতাঃ ১)এণ্টাৰপ্ৰেৰিণউৰশ্বিপৰ উন্নয়নৰ কামত ন্যূনতম ৮ ৰ পৰা ১০ বছৰৰ অভিজ্ঞতা। (২) ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত ব্যুত্পত্তি থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

অহা ২০ জানুৱাৰীৰ বিয়লি ৫ বজাৰ ভিতৰত পোৱাকৈ Administrative Officer, Indian Institute of Entrepreneurship, Lalmati, Basistha Chariali, 37 NH Bypass, Near Game Village, Guwahati-781029, Assam, Kamrup (M-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে। ই-মেইল recruitmentcell.iie@gmail.com। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০ জানুৱাৰী, ২০২২ৰ বিয়লি ৫ বজা। 

আবেদনৰ লগত নিম্নোক্ত নথি-পত্ৰ জমা দিব লাগিবঃ 

১) আবেদন থকা লেফাফাৰ ওপৰত পদৰ নাম উল্লেখ কৰিব লাগিব। 

২) প্ৰাৰ্থীৰ বিশদ চি ভি / বায়োডাটা (ই-মেইল আই ডি আৰু ফোন নম্বৰ থাকিব লাগিব)। 

৩) দুকপি পাছপোৰ্ট আকাৰৰ ফটো। 

৪) বায়োডাটাত বা চি ভিত উল্লেখিত শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰমাণ হিচাপে  সংশ্লিষ্ট নতি-পত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com