চাকৰি
আই আই এম শ্বিলঙত গৱেষণা সহযোগীৰ প্ৰয়োজন
ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, শ্বিলং-এ গৱেষণা সহযোগী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ০১টা।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ মেনেজমেণ্ট বা সমাজবিজ্ঞান বা পৰিৱেশ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু নেট-শ্লেট বা পি এইচ ডি বা এম ফিল থকা হব লাগিব। অথবা বি টেক ডিগ্ৰাধাৰী হব লাগিব। লগতে পৰিসংখ্যাগত বিশ্লেষণ আৰু ছফটৱেৰৰ জ্ঞান থাকিব লাগিব। প্ৰকল্পৰ কামৰ অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৬-২০২১।
দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।
অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদনপত্ৰ অহা ২৯ জুনৰ বিয়লি ৫ বজাৰ ভিতৰত nr@iimshillong.ac.i-লৈ প্ৰেৰণ কৰিব পাৰিব।