Begin typing your search above and press return to search.

আই আই এম শ্বিলঙত বিভিন্ন পৰ্যায়ৰ অধ্যাপকৰ পদ খালী

আই আই এম শ্বিলঙত বিভিন্ন পৰ্যায়ৰ অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

আই আই এম শ্বিলঙত বিভিন্ন পৰ্যায়ৰ অধ্যাপকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2022 12:17 PM GMT

আই আই এম শ্বিলঙৰ বিষয়েঃ

মেঘালয়ৰ ৰাজধানী শ্বিলঙত অৱস্থিত আই আই এম শ্বিলং পূৰ্বে ৰাজীৱ গান্ধী ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট শ্বিলং (RGIIM) নামেৰে জনাজাত আছিল। এই ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনজমেণ্ট হৈছে এখন ৰাজহুৱা ব্যৱসায় শিক্ষাৰ প্ৰতিষ্ঠান। ২০০৭-ত প্ৰতিষ্ঠান হৈছে প্ৰতিষ্ঠা কৰা হয়। আই আই এমে প্ৰদান কৰা শিক্ষা পাঠ্যক্ৰমসমূহৰ মাজত আছে দুবছৰীয়া এম বি এ শিক্ষা, অভিজ্ঞ কাৰ্যবাহীৰ বাবে এবছৰীয়া এম বি এ শিক্ষা, ডক্টৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন কৰ্মসূচী আদি।

আই আই এম শ্বিলঙত ক্যট পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নামভৰ্তি কৰা হয়।

আই আই এম শ্বিলঙত নিযুক্তি-২০২২ঃ


আই আই এম শ্বিলঙত নিম্নোক্ত শাখাসমূহৰ বাবে অধ্যাপক. সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে এছ চি /এছ টি /এন চি-ও বি চি বা বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

শাখাসমূহঃ অৰ্থনীতি আৰু ৰাজহুৱা নীতি, ইনফৰমেশ্যচন ছিষ্টেমছ এণ্ড এনালাইটিক্স. বিত্ত আৰু নিয়ন্ত্ৰণ, সাংগঠনিক আচৰণ আৰু মানৱ সম্পদ, ষ্ট্ৰেটেজিক মেনেজমেণ্ট, ছাষ্টেইনিবিলিটী এণ্ড লিবাৰেল ষ্টাডিজ ( বিজনেছ কমিউনিকেশ্যনকে ধৰি আৰু বিজনেছ লজ) আৰু অপাৰেশ্যচনছ এণ্ড কোৱাণ্টেটিভ টেকনিকছ

আগ্ৰহী প্ৰাৰ্থীসকলে এই বিষয়ে সবিশেষ তথ্য চাব পাৰেঃ


পদৰ বিৱৰণ, অৰ্হতা, তলত দিয়া দৰমহা স্কেল আদিৰ তথ্য তলত দিয়া হৈছেঃ -

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

অধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক- (গ্ৰেড-১), সহকাৰী অধ্যাপক (গ্ৰেড-২)

খালী পদ

অধ্যাপকৰ ১টা, সহযোগী অধ্যাপকৰ ১ টা, সহকাৰী অধ্যাপক- (গ্ৰেড-১)-ৰ ১টা, সহকাৰী অধ্যাপক (গ্ৰেড-২)-ৰ ১টা।

বয়স

উল্লেখ নাই।

দৰমহা

অধ্যাপকৰ১, ৫৯, ১০০ টকাৰ পৰা ২, ২০,২০০টকা। সহযোগী অধ্যাপকৰ ১, ৩৯, ৬০০ টকাৰ পৰা ২, ১, ১,৩০০ টকা।

নিযুক্তিৰ স্থান

শ্বিলং, মেঘালয়।

অন্তিম তাৰিখ

২৮ ফেব্ৰুৱাৰী, ২০২২।

আবেদন প্ৰক্ৰিয়া

অফলাইন

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।

ৱেবছাইট

https://www.iimshillong.ac.in/recruitments-iimshl/।


শিক্ষাগত অৰ্হতাঃ

অধ্যাপকঃ প্ৰথম শ্ৰেণীৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট বিষয়ত পি এইচ ডি। তদুপৰি শিক্ষাদানৰ ক্ষেত্ৰত ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে ৪ বছৰ আই আই টি, আই আই এম, আই আই এছ চি বাংগালুৰু, এন আই টি আই ই মুম্বাই বা এই এছ ই আৰত কৰা হব লাগিব।


সহযোগী অধ্যাপকঃ প্ৰথম শ্ৰেণীৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট বিষয়ত পি এইচ ডি। তদুপৰি শিক্ষাদানৰ ক্ষেত্ৰত ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে তিনি বছৰৰ অভিজ্ঞতা সহকাৰী অধ্যাপকৰ হব লাগিব।

সহকাৰী অধ্যাপক- (গ্ৰেড-১)ঃ প্ৰথম শ্ৰেণীৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে সংশ্লিষ্ট বিষয়ত পি এইচ ডি। তদুপৰি শিক্ষাদানৰ ক্ষেত্ৰত ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী অধ্যাপক (গ্ৰেড-২) ঃ উপযুক্ত শাখাত পি এইচ ডি থাকিব লাগিব। সহকাৰী অধ্যাপকৰূপে শিক্ষাদানৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ



অহা ২৮ ফেব্ৰুৱাৰীলৈকে https://www.iimshillong.ac.in/recruitments-iimshl-ৰ পৰা আবেদন জনাব পাৰিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।


আৰু চাব পাৰে : অটল অমৃত অভিযান সমাজ অসম নিযুক্তি ২০২২ : জ্যেষ্ঠ বিত্ত উপদেষ্টাৰ খালী পদ

Next Story
চাকৰি