আই আই টি গুৱাহাটী (IIT Guwahati) নিযুক্তি ২০২২ - প্ৰকল্প অভিযন্তাৰ পদখালী

আই আই টি গুৱাহাটীয়ে বিভিন্ন প্ৰকল্প অভিযন্তা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।
আই আই টি গুৱাহাটী (IIT Guwahati) নিযুক্তি ২০২২ - প্ৰকল্প অভিযন্তাৰ পদখালী
Published on

আই আই টি গুৱাহাটীয়ে প্ৰকল্প অভিযন্তাৰ বিভিন্ন পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ নাম

এছ আৰ এফ

সহযোগী প্ৰকল্প অভিযন্তা

সহযোগী প্ৰকল্প বিজ্ঞানী

প্ৰকল্প অভিযন্তা

খালী পদ

১০টা

০১টা

০২টা

০১টা

দৰমহা

নিয়ম অনুসৰি

চাকৰিৰ অৱস্থান

গুৱাহাটী

অন্তিম তাৰিখ

৭ অক্টোবৰ, ২০২২

ৱেবছাইট

http://iitg.ac.in/

 শিক্ষাগত অৰ্হতাঃ

এছ আৰ এফঃ বিজ্ঞানৰ স্নাতক/স্নাতকোত্তৰ।

প্ৰকল্প অভিযন্তাঃ অভিযান্ত্ৰিকৰ স্নাতক/স্নাতকোত্তৰ/ পি এইচ ডি।

সহযোগী প্ৰকল্প অভিযন্তাঃ অভিযান্ত্ৰিকৰ স্নাতক/স্নাতকোত্তৰ।

প্ৰকল্প অভিযন্তাঃ বিজ্ঞানৰ স্নাতক/স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৷

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ

অনলাইন সাক্ষাৎকাৰ।

আবেদনৰ নিয়মঃ

অনুমোদিত প্ৰ-পত্ৰৰ জৰিয়তে প্ৰয়োজনীয় নথি-পত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ অহা ৭ অক্টোবৰৰ ভিতৰত পোৱাকৈ nano_off@iitg.ernet.in-লৈ প্ৰেৰণ কৰিব পাৰে ৷

আই আই টি গুৱাহাটীৰ বিষয়েঃ ভাৰত চৰকাৰৰ দ্বাৰা গুৱাহাটীৰ আমিনগাঁৱত স্থাপিত আই আই টি গুৱাহাটী এখন ৰাজহুৱা কাৰিকৰী বিশ্ববিদ্যালয় ৷ ই হৈছে দেশৰ ষষ্ঠ সংখ্যক আই আই টি।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com