Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত কাৰ্যালয় সহায়কৰ পদখালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত কাৰ্যালয় সহায়কৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2021 9:40 AM GMT

গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হৈছে ভাৰত চৰকাৰ দ্বাৰা স্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পদখালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপযুক্ত প্ৰাৰ্থী সকলক গৱেষণা আৰু উন্নয়ন খণ্ডত কাৰ্য্যালয় সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ নাম : কাৰ্য্যালয় সহকাৰী (প্ৰকল্প ধৰণ)

খালী পদৰ সংখ্যা : ০২

বয়স : উল্লেখ নাই

দৰমহা : ১৯,৫০০/- টকা, মাহিলী + HRA ১৬%

পদৰ স্থান : গুৱাহাটী, অসম

আৱেদন দাখিকৰ অন্তিম তাৰিখ : ১১/১১/২০২১

কাৰ্য্যালয় সহকাৰী পদৰ বাবে শিক্ষাগত অৰ্হতা :

> চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/ অনুষ্ঠানৰ পৰা বাণিজ্য/ অৰ্থ বিভাগত পোষ্ট গ্ৰেজুৱেট।

> মেট্ৰিক পৰীক্ষাৰ সময়ৰ পৰাই প্ৰাৰ্থীৰ শিক্ষা বিভাগত ভাল অৰ্হতা থাকিব লাগিব আৰু লগতে কাৰ্য্যালয় ব্যৱস্থাপনাৰ ২বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

অভিজ্ঞতা : কেন্দ্ৰীয়/ ৰাজ্য চৰকাৰ/ পি এছ ইউ/ বিশ্ববিদ্যালয় গৱেষণা অনুষ্ঠান বা স্বায়ত্ত্ব শাসিত অনুষ্ঠান সমূহত ২বছৰীয়া কাৰ্যালয় ব্যৱস্থাপনাৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া :

> ১৫নৱেম্বৰ ২০২১ তাৰিখে, অনলাইন সাক্ষাৎকাৰ

> প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰত প্ৰদৰ্শিত দক্ষতা অনুসৰি বাছনি কৰা হ'ব।


আৰু চাব পাৰেঃ অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজত পদ খালী


> সাক্ষাৎকাৰৰ দিন আৰু সময় বাছনি কৰা প্ৰাৰ্থী সকলক ইমেইল যোগে জনোৱা হ'ব।

Next Story
চাকৰি