Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত পদ খালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে জে আৰ এফ আৰু গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2021 6:50 AM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে আই আই টি গুৱাহাটী ভাৰত চৰকাৰ দ্বাৰা স্থাপিত এক ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপন কৰা হয় ১৯৯৪চনত। গুৱাহাটীতস্থিত এই অনুষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানসমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠানৰূপে স্বীকৃতি দিয়া হৈছে। ১৯৯৫ৰ পৰা আই আই টি গুৱাহাটীত শৈক্ষিক কাৰ্যক্ৰম আৰম্ভ হয়। বৰ্তমানে এই প্ৰতিষ্ঠানৰ ১১ টা বিভাগ আছে আৰু ইয়ে অভিযান্ত্ৰিক, বিজ্ঞান আৰু কলাৰ মূল শাখাসমূহক সামৰি লৈছে। আই আই টি গুৱাহাটীয়ে বি টেক, বি ডেছ, এম এ, এম ডেছ, এম টেক, এম এছ চি আৰু পি এইচ ডিৰ শিক্ষা আগবঢ়ায়। আই আই টি গুৱাহাটীৰ বিশ্বমানৰ আন্তঃগাঁথনি আছে। এই প্ৰতিষ্ঠানে ২৮৫ একৰ ভূমি আগুৰি আছে আৰু ই ব্ৰহ্মপুত্ৰ পৰা ২০ কিলোমিটাৰ নিলগত অৱস্থিত।


ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত পদ খালী : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে জে আৰ এফ আৰু গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:

পদৰ নাম

কনিষ্ঠ গৱেষণা সভ্য (জে আৰ এফ), গৱেষণা সহযোগী।

খালী পদৰ সংখ্যা

২ টা।

দৰমহা

মাহিলী ৩৭,২১০ টকাৰ পৰা -৫৫,৭৭০ টকা।

চাকৰিৰ অৱস্থান

গুৱাহাটী, অসম

আবেদন মাচুল

কোনো আবেদন মাচুল নাই

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ , সাক্ষাতকাৰৰ তাৰিখঃ ৪ জানুৱাৰী, ২০২২।

আবেদনৰ অন্তিম তাৰিখ

১ জানুৱাৰী, ২০২২।

ৱেবছাইট

iitg.ac.in

দৰমহাৰ বিৱৰণ

পদৰ নাম

দৰমহা (প্ৰতি মাহে)

জে আৰ এফ

৫৫, ৭০০/- টকা

গৱেষণা সহযোগী

৩৭,২১০/- টকা

খালী পদৰ সংখ্যাঃ

পদৰ নাম


জে আৰ এফ

১টা।

গৱেষণা সহযোগী

১ টা।

শিক্ষাগত অৰ্হতাঃ

গৱেষণা সহযোগীঃ পি এইচ ডি।

জে আৰ এফঃ বি ই / বি টেক।


আবেদন কৰাৰ পদক্ষেপসমূহ :

প্ৰথমে অফিচিয়েল ৱেবছাইট iitg.ac.in চাওক আৰু আপুনি আবেদন কৰিব লগা আই আই টি গুৱাহাটীৰ নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

ক্ষেত্ৰ সমন্বয়ক আৰু কাৰ্যালয় সহায়কৰ চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়)

আবেদন অহা ১ জানুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ kajay@iitg.ac.in-লৈ প্ৰেৰণ কৰিব লাগিব।



আৰু চাব পাৰে :অসম শ্ৰম কল্যাণ বিভাগৰ নিযুক্তি ২০২২: কাৰখানা পৰিদৰ্শকৰ পদখালী


Next Story
চাকৰি