ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত গৱেষণা সহযোগী নিযুক্তি
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই আই টি গুৱাহাটীৰ বিষয়ে
আই আই টি গুৱাহাটী ভাৰত চৰকাৰ দ্বাৰা স্থাপিত এক ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা কৰা হয় ১৯৯৪চনত। গুৱাহাটীতস্থিত এই অনুষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানসমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠানৰূপে স্বীকৃতি দিয়া হৈছে।
১৯৯৫ৰ পৰা আই আই টি গুৱাহাটীত শৈক্ষিক কাৰ্যক্ৰম আৰম্ভ হয়। বৰ্তমানে এই প্ৰতিষ্ঠানৰ ১১ টা বিভাগ আছে আৰু ইয়ে অভিযান্ত্ৰিক, বিজ্ঞান আৰু কলাৰ মূল শাখাসমূহক সামৰি লৈছে। আই আই টি গুৱাহাটীয়ে বি টেক, বি ডেছ, এম এ, এম ডেছ, এম টেক, এম এছ চি আৰু পি এইচ ডিৰ শিক্ষা আগবঢ়ায়।
আই আই টি গুৱাহাটীৰ বিশ্বমানৰ আন্তঃগাঁথনি আছে। এই প্ৰতিষ্ঠানে ২৮৫ একৰ ভূমি আগুৰি আছে আৰু ই ব্ৰহ্মপুত্ৰ পৰা ২০ কিলোমিটাৰ নিলগত অৱস্থিত।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত নিযুক্তি-২০২২ঃ
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:
পদৰ নাম | গৱেষণা সহযোগী। |
খালী পদ | ১ টা। |
দৰমহা | মাহিলী ৪৭ হেজাৰ টকা। |
চাকৰিৰ স্থান | গুৱাহাটী (অসম)। |
বয়সৰ সীমা | তথ্য উপলব্ধ নহয়। |
আবেদনৰ মাছুল | নাই। |
বাছনি প্ৰক্ৰিয়া | অনলাইন সাক্ষাৎকাৰ |
অন্তিম তাৰিখ | ১৫ জানুৱাৰী,২০২২ |
সাক্ষাতকাৰৰ তাৰিখ | ১৭-০১-২০২২। |
ৱেবছাইটঃ iitg.ac.in
শিক্ষাগত অৰ্হতা :
প্ৰাৰ্থী স্বীকতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি থকা হব লাগিব।
অভিজ্ঞতাৰ বিশদঃ
প্ৰাৰ্থীৰ পলীমাৰ/ জৈৱ/ অজৈৱ ৰসায়ন/ মেটেৰিয়েল ছিন্থেছিছ-ৰ কামৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়াঃ
প্ৰথমে অফিচিয়েল ৱেবছাইট iitg.ac.in চাওক
আৰু আপুনি আবেদন কৰিব লগা আই আই টি গুৱাহাটীৰ নিযুক্তি বা কেৰিয়াৰ পৰীক্ষা কৰক।
এই নিযুক্তিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।
আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) ।
আবেদন পত্ৰ অহা ১৫ জানুৱাৰী ২০২২-ৰ ভিতৰত পোৱাকৈtamalbiitg@gmail.com লৈ প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰে :RRC উত্তৰ ৰেলৱে নিযুক্তি ২০২২: ক্ৰীড়া কোটা খালী পদ