Begin typing your search above and press return to search.

আই আই টি পাটনাত কনিষ্ঠ গৱেষণা সভ্য নিযুক্তি

আই আই টি পাটনাই কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই আই টি পাটনাত কনিষ্ঠ গৱেষণা সভ্য নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jan 2022 12:03 PM GMT

আই আই টি পাটনাৰ বিষয়েঃ

আই আই টি পাটনা এখন ৰাজহুৱা খণ্ডৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৷ এই প্ৰতিষ্ঠান বিহাৰৰ পাটনাত অৱস্থিত ৷ ভাৰত চৰকাৰে এই প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰূপে স্বীকৃতি প্ৰদান কৰিছে ৷ তুলনামূলকভাবে নতুন আই আই টিসমূহৰ অন্যতম হৈছে আই আই টি পাটনা ৷ দেশৰ সংসদে এখন আইনযোগে ২০০৮-ৰ ৬ আগষ্টত এই আই আই টি প্ৰতিষ্ঠা কৰে ৷

এই আই আই টিৰ স্থায়ী চৌহদ পাটনাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ বিহতাত অৱস্থিত ৷ ২০১৫ৰ পৰা এই আই আই টি সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। এই আই আই টিয়ে ৫০১ একৰ ভূমি আগুৰি আছে ৷ ২০১১ত তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী কপিল শিবালে আই আই টি পাটনাৰ আধাৰশিলা স্থাপন কৰে ৷ বিহতাত অৱস্থিত ইয়াৰ স্থায়ী চৌহদৰ পৰা আই আই টি পাটনাই ২০১৫-ৰ জুলাইত নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰে ৷ ২০১৫ৰ ২৫ জুলাইত বিহতাৰ স্থায়ী চৌহদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৷ ইয়াৰ পূৰ্বে এই প্ৰতিষ্ঠান পাটলিপুত্ৰ কল'নীৰ অস্থায়ী চৌহদৰ পৰা চালিত হৈছিল ৷


আই আই টি পাটনাত নিযুক্তি ২০২২ঃ

আই আই টি পাটনাই কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

জে আৰ এফ।

খালী পদ

১ টা।

দৰমহা

মাহিলী ৩১ হেজাৰৰ পৰা ৩৫ হেজাৰ টকা।

চাকৰিৰ স্থান

বিহাৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

০৭ জানুৱাৰী, ২০২২।

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

বয়সৰ সীমা

বি ই / বি টেক/ এম এছ চি প্ৰাৰ্থীৰ ক্ষেত্ৰত সৰ্বোচ্চ ২৮ বছৰ। এম ই/ এম টেক/ এম এছ প্ৰাৰ্থীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৩২ বছৰ।


আবেদনৰ মাচুল

নাই।

শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় অথবা বোৰ্ডৰ পৰা বি ই/ বি টেক, এম ই, এম টেক/ এম এছ বা এম এছ চি হব লাগিব।

শৈক্ষিক অৰ্হতাৰ শতাংশঃ স্নতকোত্তৰ, , এম ই, এম টেক/ এম এছ বা এম এছ চিৰ ক্ষেত্ৰত ৬৫ শতাংশ বা ৭য়০ চি পি আই।

বি ই / বি টেকৰ ক্ষেত্ৰত ৬০ শতাংশ বা ৬.৫ চি পি আই।

অহা ৭ জানুৱাৰীত আই আই টি পাটনাত এই পদৰ মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব।





আৰু চাব পাৰে :ডি এম এইচ অ' নিযুক্তি ২০২২ - ০৮ গৰাকী কণিষ্ঠ সহকাৰী, টাইপিষ্টৰ পদ খালী


Next Story
চাকৰি