Begin typing your search above and press return to search.

আই আই টি পাটনাত প্ৰকল্প প্ৰৱন্ধকৰ পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

আই আই টি পাটনাত প্ৰকল্প প্ৰৱন্ধকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2022 1:44 PM GMT

বিষয়েঃ


আই আই টি পাটনা এখন ৰাজহুৱা খণ্ডৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৷ এই প্ৰতিষ্ঠান বিহাৰৰ পাটনাত অৱস্থিত ৷ ভাৰত চৰকাৰে এই প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰূপে স্বীকৃতি প্ৰদান কৰিছে ৷ তুলনামূলকভাবে নতুন আই আই টিসমূহৰ অন্যতম হৈছে আই আই টি পাটনা ৷ দেশৰ সংসদে এখন আইনযোগে ২০০৮-ৰ ৬ আগষ্টত এই আই আই টি প্ৰতিষ্ঠা কৰে ৷ এই আই আই টিৰ স্থায়ী চৌহদ পাটনাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ বিহতাত অৱস্থিত ৷

২০১৫ৰ পৰা এই আই আই টি সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। এই আই আই টিয়ে ৫০১ একৰ ভূমি আগুৰি আছে ৷ ২০১১ত তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী কপিল শিবালে আই আই টি পাটনাৰ আধাৰশিলা স্থাপন কৰে ৷ বিহতাত অৱস্থিত ইয়াৰ স্থায়ী চৌহদৰ পৰা আই আই টি পাটনাই ২০১৫-ৰ জুলাইত নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰে ৷ ২০১৫ৰ ২৫ জুলাইত বিহতাৰ স্থায়ী চৌহদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৷ ইয়াৰ পূৰ্বে এই প্ৰতিষ্ঠান পাটলিপুত্ৰ কল'নীৰ অস্থায়ী চৌহদৰ পৰা চালিত হৈছিল ৷

আই আই টি পাটনাত নিযুক্তি-২০২২ঃ

আই আই টি পাটনাই প্ৰকল্প প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে এই বিষয়ে তলত সবিশেষ তথ্য চাব পাৰেঃ


প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

প্ৰকল্প প্ৰৱন্ধক।

খালী পদৰ সংখ্যা

০১টা।

বয়সৰ সীমা

২৯-০১-২০২২-ত সৰ্বোচ্চ ৫০ বছৰ।

দৰমহা

বাৰ্ষিক ৮ লাখ টকাৰ পৰা ১২ লাখ টকা।

চাকৰিৰ স্থান

পাটনা।

অন্তিম তাৰিখ

১৯-০১-২০২২।

আবেদন মাচুল

নাই।

ৱেবছাইট

iitp.ac.in


শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা চি এছ ই-ত বি ই/ বি টেক হব লাগিব। অথবা আই টিত এম ই, এম এছ চি হব লাগিব।

অভিজ্ঞতাৰ সবিশেষঃ

প্ৰাৰ্থীৰ পৰিকল্পনা, ব্যৱস্থাপনা, ৰূপায়ন আৰু বিত্তকে ধৰি ১০ কোটি টকা বা ততোধিক মূল্যৰ প্ৰকল্পত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট iitp.ac.in চাব।

এই ৱেবছাইটৰ Recruitment বাCareers চাব।

আপুনি তাত শেহতীয়া পদৰ নিযুক্তিৰ জাননী পাব।

সাৱধানেৰে নিৰ্দেশাৱলী পঢ়িব। ভুল নোহোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব।

আবেদন পত্ৰ coe.bgpi@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ


Next Story
চাকৰি