আয়কৰ বিভাগত বিভিন্ন ধৰণৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
আয়কৰ বিভাগত বিভিন্ন ধৰণৰ পদ খালী
Published on

আয়কৰ বিভাগে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

১) ষ্টেনোগ্ৰাফাৰ । 

খালী পদৰ সংখ্যাঃ ০৫টা। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী দ্বাদশ শ্ৰেণী বা সম-পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। তদুপৰি  কম্পিউটাৰত প্ৰতি মিনিটত ৫০টা ইংৰাজী শব্দ বা ৬৫ টা হিন্দী শব্দ টাইপ কৰিব পাৰিব লাগিব। 

বয়সৰ সীমাঃ ১৮ ৰ পৰা ২৭ বছৰ।

দৰমহাঃ ৫, ২০০ টকাৰ পৰা ২০,২০০টকা। লগতে ২৪০০ টকাৰ গ্ৰেড পে। 

২)  কৰ সহায়ক ।

খালী পদৰ সংখ্যাঃ ১১টা। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী আৰু প্ৰতি ঘণ্টাত ৮ হেজাৰ শব্দৰ ডাটা এণ্ট্ৰীৰ কাম কৰিব পাৰিব লাগিব। 

বয়সৰ সীমাঃ ১৮ ৰ পৰা ২৭ বছৰ। 

দৰমহাঃ ৫, ২০০ টকাৰ পৰা ২০,২০০টকা। লগতে ২৪০০ টকাৰ গ্ৰেড পে। 

৩) মাল্টি টাস্কিং কৰ্মচাৰী। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী দ্বাদশ শ্ৰেণী বা সম-পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। তদুপৰি কম্পিউটাৰত প্ৰতি মিনিটত ৫০টা ইংৰাজী শব্দ বা ৬৫ টা হিন্দী শব্দ টাইপ কৰিব পাৰিব লাগিব।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ২৭ বছৰ।

দৰমহাঃ ৫, ২০০ টকাৰ পৰা ২০,২০০টকা। লগতে ২৪০০ টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-১১-২০২১। 

আবেদন  www.incometaxmumbai.gov.in-ৰ পৰা ডাউনলোড কৰিব পাৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com