Begin typing your search above and press return to search.

ভাৰতীয় বায়ু সেনাত নিম্নবৰ্গৰ সহায়কসহ বিভিন্ন পদত নিযুক্তি

এই পদসমূহৰ বাবে অৰ্হতাকে ধৰি অন্যান্য তথ্য তলত উল্লেখ কৰা হৈছে।

ভাৰতীয় বায়ু সেনাত নিম্নবৰ্গৰ সহায়কসহ বিভিন্ন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Nov 2021 10:34 AM GMT

ভাৰতীয় বায়ু সেনাই বিভিন্ন বায়ু সেনা কেন্দ্ৰ আৰু গোটত Group 'C' চিভিলিয়ান পদত নিযুক্তিৰ বাবে চাকৰিৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।

পদসমূহঃ

# অধীক্ষক (ভঁৰাল)।

খালী পদৰ সংখ্যাঃ ০১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক বা সম-পৰ্যায়ৰ ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব। প্ৰতিষ্ঠিত ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ভঁৰাল বা গাণনিক কামত অভিজ্ঞতা বিচৰা হব পাৰে। .

# নিম্নবৰ্গৰ সহায়ক (LDC)।

খালী পদৰ সংখ্যাঃ ১২ টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। কম্পিউটাৰত প্ৰতি মিনিটত ইংৰাজীৰ ৩৫ টা শব্দ বা হিন্দীৰ ৩০ টা শব্দ টাইপ কৰিব পাৰিব লাগিব।

ৰান্ধনি (সাধাৰণ গ্ৰেড)।

খালী পদৰ সংখ্যাঃ ০৪ টা।

শিক্ষাগত অৰ্হতাঃ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হোৱাৰ লগতে ৰন্ধা-বঢ়াৰ কামত চাৰ্টিফিকেট বা ডিপ্লমা থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট কামত ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

# কাঠ মিস্ত্ৰী (দক্ষতাসম্পন্ন):

খালী পদৰ সংখ্যাঃ ০১ টা।

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে স্বীকৃতিপ্ৰাপ্ত আই টি আইৰ পৰা কাঠমিস্ত্ৰীৰ চাৰ্টিফিকেট থকা হব লাগিব।

# চিভিলিয়ান মেকানিকেল ট্ৰান্সপোৰ্ট ড্ৰাইভাৰ।

খালী পদৰ সংখ্যাঃ ৪৫ টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হোৱাৰ লগতে লঘু আৰু গধুৰ যান-বাহনৰ গাড়ীচালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। তদুপৰি গাড়ী চলোৱাৰ ন্যূনতম দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

# অগ্নি-নিৰ্বাপক কৰ্মী।

খালী পদৰ সংখ্যাঃ ০১ টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা হাইস্কুল শিক্ষান্ত বা সম-পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ। তদুপৰি ৰাজ্যিক অগ্নি-নিৰ্বাপণ সেৱাৰ অধীনৰ বা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা অগ্নি-নিৰ্বাপণৰ প্ৰশিক্ষণ গ্ৰহণ কৰা হব লাগিব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।



Next Story
চাকৰি