ভাৰতীয় সেনা বাহিনীত শ্বৰ্ট ছাৰ্ভিচ কমিচনড বিষয়া নিযুক্তি
ভাৰতীয় সেনা বাহিনীত (Indian Army)-ত শ্বৰ্ট ছাৰ্ভিচ কমিচনড বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে অবিবাহিত পুৰুষ আৰু মহিলা অভিযান্ত্ৰিক উত্তীৰ্ণ, প্ৰতিৰক্ষা বিষয়াৰ বিধবাসকলৰ পৰা আবেদন বিচৰা হৈছে। এই পাঠ্যক্ৰম অহা এপ্ৰিল, 2022ৰ পৰা বিষয়া প্ৰশিক্ষণ শিক্ষানুষ্ঠান (OTA), চেন্নাই,(তামিলনাডুত) আৰম্ভ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : চমু সেৱা আয়োগ (SSC) বিষয়া।
খালী পদৰ সংখ্যা : ১৯১টা।
বয়স : ২০ - ২৭বছৰ।
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৭/১০/২০২১।
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী প্ৰয়োজনীয় অভিযান্ত্ৰিক ডিগ্ৰীধাৰী হ'ব লাগিব বা অভিযান্ত্ৰিক অধ্যয়নৰ শেষ বাৰ্ষিকৰ শিক্ষাৰ্থী হ'ব লাগিব।
আবেদন প্ৰক্ৰিয়া :
এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে নিজ আবেদন পত্ৰ অনলাইন যোগে দাখিল কৰিব লাগিব, তাৰ বাবে প্ৰাৰ্থীক নিযুক্তি প'ৰ্টেল পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ