Begin typing your search above and press return to search.

ভাৰতীয় সেনাত শ্বৰ্ট ছাৰ্ভিচ কমিছনত আইন বিষয়া নিযুক্তি

প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

ভাৰতীয় সেনাত শ্বৰ্ট ছাৰ্ভিচ কমিছনত আইন বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Feb 2022 7:21 AM GMT


ভাৰতীয় সেনাৰ বিষয়েঃ

ভাৰতীয় সেনা হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহৰ সৰ্ববৃহত্ উপাদান। ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক হৈছে দেশৰ ৰাষ্ট্ৰপতি। আনহাতে, ভাৰতীয় সেনাৰ পেচাগত মুৰব্বী হৈছে সেনা মুৰব্বী। তেওঁ চাৰিতাৰকাযুক্ত জেনেৰেল। ভাৰতীয় সেনাই আইন বিষয়া নিযুক্তিৰ বাবে অবিবাহিত পুৰুষ আৰু মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। এই চাকৰি শ্বৰ্ট ছাৰ্ভিচ কমিছনত ভাৰতীয় সেনাৰ জাজ এডভোকেট জেনেৰেলত হব। ২৯ সংখ্যক জে এ জি এণ্ট্ৰী স্কীমৰ পাঠদান অহা অক্টোবৰ, ২০২২-ৰ পৰা আৰম্ভ হব।

ভাৰতীয় সেনাৰ নিযুক্তি-২০২২ঃ

ভাৰতীয় সেনাই আইন বিষয়া নিযুক্তিৰ বাবে অবিবাহিত পুৰুষ আৰু মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ


প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

আইন বিষয়া (ভাৰতীয় সেনাৰ ২৯ সংখ্যক জে এ জি)।

পদৰ সংখ্যা

৯ টা ( ছটা পুৰুষৰ বাবে আৰু ৩ টা মহিলাৰ বাবে)।

দৰমহা

উল্লেখ নাই।

চাকৰিৰ স্থান

দেশৰ যিকোনো স্থানত।

বয়সৰ সীমা

১ জুলাই, ২০২২-ত ২১-ৰ পৰা ২৭ বছৰ। প্ৰাৰ্থীৰ জন্ম ০২ জুলাই, ১৯৯৫ৰ পূৰ্বে আৰু ২০০২ৰ ১ জুলাইৰ পাছত হব নালাগিব।

অন্তিম তাৰিখ

১৭ ফেব্ৰুৱাৰী, ২০২২।

চাকৰিৰ প্ৰকৃতি

স্থায়ী।

শিক্ষাগত অৰ্হতাঃ


ন্যূনতম ৫৫ শতাংশ নম্বৰসহ এল এল বি ডিগ্ৰী।

ভাৰতৰ বা ৰাজ্যিক বাৰ কাউন্সিলত নাম পঞ্জীয়নৰ বাবে প্ৰাৰ্থী উপযুক্ত হব লাগিব।

প্ৰাৰ্থী ভাৰতীয় বাৰ কাউন্সিলৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা আইনৰ শিক্ষা গ্ৰহণ কৰা হব লাগিব।



আবেদনৰ নিয়মঃ

প্ৰাৰ্থীয়ে অহা ১৭ ফেব্ৰুৱাৰীৰ ১৫ বজালৈকে www.joinindianarmy.nic.in-ৰ পৰা আবেদন জনাব পাৰিব।


আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি