ভাৰতীয় উপকূলৰক্ষী বাহিনীত কমাণ্ডেণ্ট নিযুক্তি

উপকূলৰক্ষী বাহিনীয়ে সহকাৰী কমাণ্ডেণ্টৰ ৫০ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
ভাৰতীয় উপকূলৰক্ষী বাহিনীত কমাণ্ডেণ্ট নিযুক্তি

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বিষয়েঃ ভাৰতীয় উপকূলৰক্ষী বাহিনী হৈছে সামুদ্ৰিক আইন বলবতকাৰী সংস্থা। তদুপৰি এই বাহিনীৰ ক্ষেত্ৰাধিকাৰ হৈছে আছুতীয়া অৰ্থনৈতিক মণ্ডলকে ধৰি ভাৰতীয় ভূ-খণ্ডৰ জলভাগ। ভাৰতীয় সংসদে প্ৰণয়ন কৰা উপকূলৰক্ষী বাহিনী আইন, ১৯৭৮ ৰ অধীনত ১৯৭৭-ৰ ১ ফেব্ৰুৱাৰীত ভাৰতীয় উপকূলৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰা হয়। ইয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত কাৰ্য-পৰিচালনা কৰে। উপকূলৰক্ষী বাহিনীয়ে ভাৰতীয় নৌ সেনা, মীন বিভাগ, ৰাজহ বিভাগ (সীমা শুল্ক) আৰু কেন্দ্ৰ তথা ৰাজ্যসমূহৰ আৰক্ষী বাহিনীসমূহৰ সৈতে নিকটভাবে কাম কৰে।  উপকূলৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে ভাৰতীয় নৌ সেনাই। ৰাষ্ট্ৰৰ প্ৰতি অ-সামৰিক সেৱা আগবঢ়োৱাৰ বাবে নৌ-সেনাই এই প্ৰস্তাৱ উত্থাপন কৰিছিল। 

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নিযুক্তিৰ বিষয়েঃ  উপকূলৰক্ষী বাহিনীয়ে সহকাৰী কমাণ্ডেণ্টৰ ৫০ টা পদ ( গ্ৰুপ-১ৰ ৰাজপত্ৰিত বিষয়া) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

পদসমূহঃ 

সহকাৰী কমাণ্ডেণ্ট (জি ডি)ঃ 

খালী পদৰ সংখ্যাঃ ৩০ টা। 

কেৱল পুৰুষ প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব।   

বয়সৰ সীমাঃ  ১৯৯৭ৰ ১ জুলাইৰ পৰা ২০০১ৰ ৩০ জুনৰ ভিতৰত জন্মগ্ৰহণ কৰা হব লাগিব। 

শিক্ষাগত অৰ্হতাঃ # প্ৰাৰ্থী বি ই বা বি টেক হলে প্ৰথম ষান্মাসিকৰ পৰা অষ্টম ষান্মাসিকলৈ ন্যূনতম ৬০ শতাংশকৈ নম্বৰ লাভ কৰা হব লাগিব। স্নাতকৰ ক্ষেত্ৰত প্ৰথম বৰ্ষৰ পৰা অন্তিম বৰ্ষলৈ ন্যূনতম ৬০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।  # প্ৰাৰ্থীয়ে দ্বাদশ শ্ৰেণীলৈকে গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা হব লাগিব। 

সহকাৰী কমাণ্ডেণ্ট বাণিজ্যিক পাইলট এণ্ট্ৰী (CPL-SSA)ঃ 

খালী পদৰ সংখ্যাঃ ১০ টা।

 লিংগঃ পুৰুষ আৰু মহিলা উভয় প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব।

বয়সৰ সীমাঃ ১৯৯৭ৰ ১ জুলাইৰ পৰা ২০০১ৰ ৩০ জুনৰ ভিতৰত জন্মগ্ৰহণ কৰা হব লাগিব।

শিক্ষাগত অৰ্হতাঃ অসামৰিক বিমান প্ৰাধিকৰণৰ সঞ্চালক প্ৰধানে ইচ্ছ্যু কৰা ম্যাদ থকা বাণিজ্যিক বৈমানিকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। ন্যূনতম ৬০ শতাংশ নম্বৰসহ গণিত আৰু পদাৰ্থ বিজ্ঞানসহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব। 

সহকাৰী কমাণ্ডেণ্ট ( টেকনিকেলঃ ইঞ্জিনীয়াৰিং আৰু বৈদ্যুতিক)ঃ

খালী পদৰ সংখ্যাঃ ১০ টা।

কেৱল পুৰুষ প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব।

বয়সৰ সীমাঃ ১৯৯৭ৰ ১ জুলাইৰ পৰা ২০০১ৰ ৩০ জুনৰ ভিতৰত জন্মগ্ৰহণ কৰা হব লাগিব।

শিক্ষাগত অৰ্হতাঃ # প্ৰাৰ্থী বি ই বা বি টেক হলে প্ৰথম ষান্মাসিকৰ পৰা অষ্টম ষান্মাসিকলৈ ন্যূনতম ৬০ শতাংশকৈ নম্বৰ লাভ কৰা হব লাগিব।  # ইঞ্জিনীয়াৰিং শাখাঃ নেভেল আৰ্কিটেকচাৰ বা মেকানিকেল বা অটোমটিভ বা মেকাট্ৰনিকচ বা ঔদ্যোগিক আৰু উত্পাদন আদি ডিগ্ৰীধাৰী হব লাগিব। # ন্যূনতম ৬০ শতাংশ নম্বৰসহ গণিত আৰু পদাৰ্থ বিজ্ঞানসহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব। বা ন্যূনতম ৬০ শতাংশ নম্বৰসহ ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী হব লাগিব। 

গুৰুত্বপূৰ্ণ তাৰিখসমূহঃ 

#অনলাইন আবেদন জমা দিয়াৰ আৰম্ভণীৰ তাৰিখ: ০৬-১২-২০২১ৰ  ১২ বজা। 

#অনলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখ: ১৭-১২-২০২১ৰ ১৭-৩০ বজালৈ। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com