ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ যুৱ পেচাদাৰী নিযুক্তি

ভাৰতীয় কৃষি গৱেষণা পৰিষদে বিভিন্ন শাখাৰ যুৱ পেচাদাৰী-২ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ যুৱ পেচাদাৰী নিযুক্তি

পদসমূহঃ

যুৱ পেচাদাৰী-২( ইংৰাজী সম্পাদনা গোট)

শিক্ষাগত অৰ্হতাঃ কৃষি বিজ্ঞান/ এনিমেল ছায়েন্স বা সংযোগী বিজ্ঞানৰ এম এচ চি বা বায়োটেকনলজী বা বায়োইনফৰমেটিক্সৰ এম টেক-এম ই আদি হব লাগিব। অথবা ইংৰাজীত গণ সংযোগৰ এম এ বা ইংৰাজীত সাংবাদিকতাৰ এম এ হব লাগিব। লগতে কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পত্ৰিকাত সম্পাদনা পৰ্যায়ত দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। গৱেষণা পত্ৰিকা, আলোচনী আদিৰ সম্পাদনা আৰু আৰ্হিপাঠৰ অভিজ্ঞতা বিচৰা হব পাৰে।

খালী পদৰ সংখ্যাঃ ০৩ টা।

যুৱ পেচাদাৰী-২( নলেজ বেংক)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ এম চি এ বা ন্যূনতম ৬০ শতাংশ নম্বৰসহ কম্পিউটাৰ ছায়েন্সৰ বি টেক হব লাগিব।

যুৱ পেচাদাৰী-২( হিন্দী সম্পাদনা গোট)

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ কৃষি বিজ্ঞান/ এনিমেল ছায়েন্স বা সংযোগী বিজ্ঞানৰ এম এচ চি বা বায়োটেকনলজী বা বায়োইনফৰমেটিক্সৰ এম টেক-এম ই আদি হব লাগিব। অথবা হিন্দীত গণ সংযোগৰ এম এ বা হিন্দীত সাংবাদিকতাৰ এম এ হব লাগিব। লগতে কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পত্ৰিকাত সম্পাদনা পৰ্যায়ত এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। গৱেষণা পত্ৰিকা, আলোচনী আদিৰ সম্পাদনা আৰু আৰ্হিপাঠৰ অভিজ্ঞতা বিচৰা হ'ব পাৰে।

যুৱ পেচাদাৰী-২( উত্পাদন গোট)

খালী পদৰ সংখ্যাঃ ০১টা।

যুৱ পেচাদাৰী-২( পি এম ই-কক্ষ)

খালী পদৰ সংখ্যাঃ ০১ টা।

শিক্ষাগত অৰ্হতাঃ কৃষি বিজ্ঞান/ এনিমেল ছায়েন্স বা সংযোগী বিজ্ঞানৰ এম এচ চি হব লাগিব। অথবা এম বি এ বা এম চি এ হব লাগিব।

যুৱ পেচাদাৰী-২( বিজনেছ মেনেজমেণ্ট)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ন্যূনতম ৬০ শতাংশ নম্বৰসহ এম বি এ। অথবা ন্যূনতম ৬০ শতাংশ নম্বৰসহ বি কম বা বি বি এ বা বি বি এছ হব লাগিব আৰু সংশ্লিষ্ট ক্ষেত্ৰত এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

যুৱ পেচাদাৰী-২( গ্ৰন্থাগাৰ)

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত গ্ৰন্থাগাৰ আৰু ইনফৰমেচন ছায়েন্সৰ এম এ হব লাগিব। OJAS/KOHA-ৰ কাৰ্যকৰী জ্ঞান থাকিব লাগিব।

দৰমহাঃ মাহিলী ৩৫ হেজাৰ টকা।

উপৰোক্ত পদসমূহৰ বিপৰীতে বয়সৰ সীমাঃ ২১ ৰ পৰা ৪৫ বছৰ।

নিযুক্তিৰ স্থানঃ দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৬-২০২১।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com