Begin typing your search above and press return to search.

ভাৰতীয় তেল নিগমত ৭১টা সহকাৰী গুণাগুণ নিয়ন্ত্ৰণ বিষয়াৰ পদ খালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

ভাৰতীয় তেল নিগমত ৭১টা সহকাৰী গুণাগুণ নিয়ন্ত্ৰণ বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Oct 2021 9:28 AM GMT

ভাৰতীয় তেল নিগম ( IOCL)-এ ৭১টা সহাকাৰী গুণাগুণ নিয়ন্ত্ৰণ বিষয়া নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।


পদঃ সহকাৰী গুণাগুণ নিয়ন্ত্ৰণ বিষয়া ( Assistant Quality Control Officer)।

খালী পদৰ সংখ্যাঃ ৭১ টা।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো ভাৰতীয় স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ৰসায়ন বিজ্ঞান বা সমপৰ্যায়ৰ শাখাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব। এই ক্ষেত্ৰত সমপৰ্যায়ৰ শাখা মানে অজৈৱ /জৈৱ/ বিশ্লেষণ/কায়িকl/প্ৰায়োগিক ৰসায়ন/ ঔদ্যোগিক ৰসায়নক সামৰা হৈছে। অৱশ্যে বায়োকেমেষ্ট্ৰী, ফাৰ্মাচী, টক্সিকোলজী, জিঅ-কেমেষ্ট্ৰী, ফাৰ্মাকোলজী, ফুড টেকনোলজী আদিক অৰ্হতাৰূপে গণ্য কৰা নহব। সাধাৰণ শ্ৰেণী, অ বি চি (এন চি এল) আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে স্নাতকোত্তৰ পৰ্যায়ত ন্যূনতম ৬০ শতাংশ নম্বৰ লাভ কৰা হব লাগিব। এছ চি- এছ টি আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ৫৫ শতাংশ লাভ কৰিলেই হব।

সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীৰ ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


বয়সৰ সীমাঃ ৩০-০৯-২০২১ত সৰ্বোচ্চ ৩০ বছৰ । অৱশ্যে অ বি চি প্ৰাৰ্থীয়ে তিনি বছৰ, এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

অনলাইন আবেদন পঞ্জীয়নৰ শেষ তাৰিখঃ ২২-১০-২০২১ৰ ১৭ বজা।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি