Begin typing your search above and press return to search.

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই)ত পদ খালী

প্ৰকল্পৰ সৈতে জড়িত কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিযুক্তিৰ বাবে আই এছ আই কলকতাই আবেদন বিচাৰিছে।

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই)ত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2021 1:48 PM GMT


ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই) কলকাতাৰ বিষয়েঃ

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই) কলকাতা হৈছে এখন উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। ১৯৫৯-ত এই প্ৰতিষ্ঠানক ভাৰতীয় সংসদে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান আখ্যা দিয়ে। এই প্ৰতিষ্ঠানৰ আৰম্ভণি ঘটে কলকাতাৰ প্ৰেছিডেন্সী কলেজত প্ৰশান্ত চন্দ্ৰ মহলানবিচে প্ৰতিষ্ঠা কৰা পৰিসংখ্যা পৰীক্ষাগাৰৰ জৰিয়তে। ১৯৩১ত স্থাপিত এই প্ৰতিষ্ঠান হৈছে পৰিসংখ্যাগত অধ্যয়নক গুৰুত্ব দিয়া দেশৰ অন্যতম পুৰণি প্ৰতিষ্ঠান।


ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই)ত নিযুক্তি ২০২১ঃ

প্ৰকল্পৰ সৈতে জড়িত কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিযুক্তিৰ বাবে আই এছ আই কলকতাই আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত পাবঃ


পদৰ নাম

প্ৰকল্পৰ সৈতে জড়িত জে আৰ এফ

খালী পদৰ সংখ্যা

৩টা।

বয়স

০১-১২-২০২১ত সৰ্বোচ্চ ৩৫ বছৰ।

দৰমহা

মাহিলী ৩১ হেজাৰ টকা।

অন্তিম তাৰিখ

৩১ ডিচেম্বৰ, ২০২১।

নিযুক্তিৰ স্থান

কলকাতা, পশ্চিমবংগ।

আবেদনৰ মাচুল

কোনো মাচুল নাই।

শিক্ষাগত অৰ্হতা

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্স/ ক্ৰিপ্টোলজী আৰু সুৰক্ষা/ বৈদ্যুতিক অভিযান্ত্ৰিক/ Electronics and Telecommunication Engineering/ ইনফৰমেচন টেকনোলজীৰ এম ই বা এম টেক হব লাগিব। অথবা পৰিসংখ্যা বিজ্ঞান/গণিত/ পদাৰ্থ বিজ্ঞান/ কম্পিউটাৰ ছায়েন্স/ইলেক্ট্ৰনিকচৰ এম এ বা এম এছ চি হব লাগিব।

ৱেবছাইট

isical.ac.in


শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্স/ ক্ৰিপ্টোলজী আৰু সুৰক্ষা/ বৈদ্যুতিক অভিযান্ত্ৰিক/ Electronics and Telecommunication Engineering/ ইনফৰমেচন টেকনোলজীৰ এম ই বা এম টেক হব লাগিব। অথবা পৰিসংখ্যা বিজ্ঞান/গণিত/ পদাৰ্থ বিজ্ঞান/ কম্পিউটাৰ ছায়েন্স/ইলেক্ট্ৰনিকচৰ এম এ বা এম এছ চি হব লাগিব।

আবেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে অহা ৩১ ডিচেম্বৰৰ ভিতৰত isical.ac.in-ৰ পৰা আবেদন জনাব পাৰিব।



আৰু পঢ়ক : উপযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া পদ খালী ২০২১


Next Story
চাকৰি