ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেড নিযুক্তি ২০২২ - তথ্য প্ৰযুক্তি পেছাদাৰী, ষ্টেচন মেনেজাৰৰ পদ খালী

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডত তথ্য প্ৰযুক্তি পেছাদাৰী, ষ্টেচন মেনেজাৰৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেড নিযুক্তি ২০২২ - তথ্য প্ৰযুক্তি পেছাদাৰী, ষ্টেচন মেনেজাৰৰ পদ খালী
Published on

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডৰ বিষয়ে:

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডৰ স্থাপনা কৰা হৈছিল ২৪ মাৰ্চ ১৯৯৫চনত। ই হৈছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ এটি প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে ৰেডিঅ' আৰু টেলিভিছনৰ সম্প্ৰচাৰ অভিযান্ত্ৰিক বিভাগৰ বাবে প্ৰকল্প পৰামৰ্শ সেৱা আগ বঢ়াই। ইয়াৰ লগতে বিল্ডিং ডিজাইনিং সেৱা আৰু সম্প্ৰচাৰৰ সৈতে জৰিত নিৰ্মাণ কাৰ্য্য সমূহ সমাপন কৰে, বিশেষ যোগাযোগ, আৰু মানৱ সম্পদ সৈতে জৰিত কাম যেনে প্ৰশিক্ষণ আৰু মানৱ শক্তিৰ যোগান ধৰে। ইয়াৰ উপৰি এই প্ৰতিষ্ঠানে আৰক্ষী আৰু পেৰা মিলিটেৰীৰ বাবে বিশেষ যোগাযোগ, নিৰীক্ষণ, সংৰক্ষণৰ যোগান ধৰে।এই প্ৰতিষ্ঠানৰ মুখ্য কাৰ্য্যালয় নতুন দিল্লীত অৱস্থিত, সংযোগী কাৰ্য্যালয় নইডাত আৰু আঞ্চলিক কাৰ্য্যালয় বেংগালুৰুত।

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডত চাকৰীৰ অধিসূচনা:

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডত তথ্য প্ৰযুক্তি পেছাদাৰী, ষ্টেচন মেনেজাৰৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ 

 প্ৰয়োজনীয় তথ্য

পদৰ নাম 

তথ্য প্ৰযুক্তি পেছাদাৰী, ষ্টেচন মেনেজাৰ 

খালী পদ 

০৬

দৰমহা

 ২০,৬৭০ - ৩০,০০০/- টকা, প্ৰতি মাহে 

অৱস্থান

ইম্ফল - মণিপুৰ, চন্দিগড়, দেহৰাদুন - উত্তৰাখণ্ড, দিল্লী - নতুন দিল্লী 

আৱেদন মাছুল

জেনেৰেল/ অ' বি চি/ প্ৰাক্তন চাকৰিয়াল - ৭৫০/- টকা

অনুসূচিত জনজাতি/ জাতি/ ই দব্লিউ এছ/ পি এইচ - ৪৫০/- টকা

পৰিশোধৰ প্ৰক্ৰিয়া - অনলাইন

বাছনি প্ৰক্ৰিয়া

 লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

অন্তিম তাৰিখ

০৮ জানুৱাৰী ২০২২

ৱেবচাইট 

becil.com 

খালী পদৰ বিৱৰণ :

পদৰ নাম

খালী পদ

তথ্য প্ৰযুক্তি পেছাদাৰী

 ০১

ষ্টেচন মেনেজাৰ

 ০৩

প্ৰশিক্ষক (মেকানিকেল বিভাগ)

০১

প্ৰশিক্ষক (এভিয়নিক্স বিভাগ 

০১

দৰমহা :

পদৰ নাম

দৰমহা 

তথ্য প্ৰযুক্তি পেছাদাৰী

৩০,০০০/- টকা

ষ্টেচন মেনেজাৰ

৩০,০০০/- টকা

প্ৰশিক্ষক (মেকানিকেল বিভাগ)

২০,৬৭০/- টকা

প্ৰশিক্ষক (এভিয়নিক্স বিভাগ

২০,৬৭০/- টকা

শিক্ষাগত অৰ্হতা :  

পদৰ নাম

অৰ্হতা

তথ্য প্ৰযুক্তি পেছাদাৰী

তথ্য প্ৰযুক্তি/ তথ্য বিজ্ঞান/ কম্পিউটাৰ বিজ্ঞান/ ইলেকট্ৰনিক্স বিভাগৰ BE/ B Tech

ষ্টেচন মেনেজাৰ

MBA/ PG ডিগ্ৰী 

প্ৰশিক্ষক (মেকানিকেল বিভাগ)

এৰোনটিকেল/ মেকানিকেল/ ইলেকট্ৰিকেল/ ইলেক্ট্ৰনিক্স/ ইনষ্ট্ৰুমেণ্টচ ইঞ্জিনিয়াৰিং বিভাগত ডিপ্লোমা, BAMEL, অভিযান্ত্ৰিক ডিগ্ৰী, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, ইলেকট্ৰনিক্স বিভাগত বেচেলৰ অফ ছায়েন্স ডিগ্ৰী 

প্ৰশিক্ষক (এভিয়নিক্স বিভাগ

ইলেকট্ৰিকেল/ ইলেকট্ৰনিক্স/ ইনষ্ট্ৰুমেন্তেচন বিভাগত ডিপ্লোমা, BAMEL, অভিযান্ত্ৰিক ডিগ্ৰী

অভিজ্ঞতা :

তথ্য প্ৰযুক্তি পেছাদাৰী :

প্ৰাসংগিক ক্ষেত্ৰত ৪ - ৫ বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

প্ৰাৰ্থীৰ জাভা স্প্ৰিং বুট পোষ্টগ্ৰেএচকিউএল ডাটাবেচ প্ৰশাসন ডিবিএত অভিজ্ঞতা থকাটো অত্যাৱশ্যকীয়।

ষ্টেচন মেনেজাৰ :

এয়াৰলাইনজিএছএ আৰু সম্পৰ্কিত ক্ষেত্ৰসমূহ চম্ভালিবলৈ এবছৰৰ অৰ্হতাৰ পিছত কাৰ্যবাহী অভিজ্ঞতা।

প্ৰশিক্ষক (মেকানিকেল বিভাগ) :

প্ৰাৰ্থীৰ বিমান উদ্যোগত অৰ্হতাৰ পিছত এবছৰৰ ব্যৱহাৰিক নিৰ্দেশনামূলক অভিজ্ঞতা থাকিব লাগিব

প্ৰাৰ্থীৰ অৰ্হতাৰ পিছত তিনি বছৰৰ ব্যৱহাৰিক নিৰ্দেশনামূলক অভিজ্ঞতা বিমান উদ্যোগত থাকিব লাগিব

প্ৰশিক্ষক (এভিয়নিক্স বিভাগ ):

প্ৰাৰ্থীৰ বিমান উদ্যোগত অৰ্হতাৰ পিছত এবছৰৰ ব্যৱহাৰিক নিৰ্দেশনামূলক অভিজ্ঞতা থাকিব লাগিব

প্ৰাৰ্থীৰ অৰ্হতাৰ পিছত সাত বছৰৰ ব্যৱহাৰিক নিৰ্দেশনামূলক অভিজ্ঞতা বিমান উদ্যোগত থাকিব লাগিব

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবচাইট becil.com যোগে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com