আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ত পদ খালী
আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ই জেষ্ঠ বিষয়া, প্ৰশাসনিক সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ৰ বিষয়েঃ
বিশ্ববিদ্যালয় অনুদান আয়োগে স্থাপন কৰা দেশৰ প্ৰথমটো আন্তঃবিশ্ববিদ্যালয় কেন্দ্ৰ ৷ ১৯৮৪-ৰ অক্টোবৰত পৰিকল্পনা আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ অনুমোদন ক্ৰমে এই কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয় ৷ ১৯৮৬-ৰ ১৯ ডিচেম্বৰত এই কেন্দ্ৰৰ নিৰ্মাণ আৰম্ভ হয় আৰু ১৯৯০-ৰ ১৯ ডিচেম্বৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়। এই কেন্দ্ৰ প্ৰতিষ্ঠাৰ উদেশ্যে হৈছে পদাৰ্থ, শক্তি, মহাকাশ আৰু সময়ৰ ৰহস্য বুজাৰ বাবে বিজ্ঞানীসকলক শক্তিশালী আহিলা যোগান ধৰা।
১৯৯১-ৰ জুলাইৰ পৰা IUAC-ৰ পেলেট্ৰন ৰিচাৰ্ছ লেবোৰেটৰী চলি আছে। ইাৰ কাৰ্যকাৰিতাৰ সফলতাই ২৯ বছৰ স্পৰ্শ কৰিছে। এই পৰীক্ষাগাৰ কাৰ্যক্ষম হোৱাৰ পৰা ই দেশ-ংদেশলৈ ৪০০ৰো অধিক ব্যৱহাৰকাৰীলৈ বীম যোগাধ ধৰিছে। এই ব্যৱহাৰীকাৰীসকলৰ অধিকাংশই হৈছে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ। এই কেন্দ্ৰই পৰমাণু পদাৰ্থ বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰটো অৰিহনা যোগাই আহিছে্।
আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ত নিযুক্তি-২০২২ঃ
আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ই জেষ্ঠ বিষয়া, প্ৰশাসনিক সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:
পদৰ নাম | প্ৰশাসনিক বিষয়া, জ্যেষ্ঠ সহকাৰী। |
খালী পদ | ৩টা। |
দৰমহা | প্ৰতি মাহে ৩৫, ৪০০ টকাৰ পৰা ১, ৭৭, ৫০০ টকা। |
বয়সৰ সীমা | সৰ্বোচ্চ ৪০ বছৰ। |
চাকৰিৰ স্থান | নতুন দিল্লী। |
আবেদন মাচুল | প্ৰশাসনিক বিষয়াৰ বাবে এহেজাৰ টকা, জ্যেষ্ঠ সহকাৰীৰ ক্ষেত্ৰত ৫০০ টকা। এছ চি-এছ টি প্ৰাৰ্থীৰ নাই। |
বাছনি প্ৰক্ৰিয়া | সাক্ষাৎকাৰ |
অন্তিম তাৰিখ | ৭ ফেব্ৰুৱাৰী, ২০২২ |
ৱেবছাইট | iuac.res.in |
শিক্ষাগত অৰ্হতা:
স্নাতকোত্তৰ ডিগ্ৰী।
অভিজ্ঞতাঃ
প্ৰশাসনিক বিষয়াৰ ক্ষেত্ৰত চৰকাৰী সংস্থা বা বিশ্ববিদ্যালয় বা স্বতন্ত্ৰ সংস্থাত গোদাম বা বিত্তৰ ক্ষেত্ৰত কাম কৰাৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা।
জ্যেষ্ঠ সহায়কৰ ক্ষেত্ৰত প্ৰশাসনিক বিষয়াৰ ক্ষেত্ৰত চৰকাৰী সংস্থা বা বিশ্ববিদ্যালয় বা স্বতন্ত্ৰ সংস্থাত গোদাম বা বিত্তৰ ক্ষেত্ৰত কাম কৰাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা।
আবেদনৰ নিয়মঃ
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৭ ফেব্ৰুৱাৰী, ২০২২লৈকে iuac.res.in-ৰ পৰা আবেদন জনাব পাৰিব।
আৰু চাব পাৰে :যাদৱপুৰ বিশ্ববিদ্যালয় নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলো খালী পদ