লাডাখত বন্ধৰ দিন উপভোগ জেছমিন ভাছিন-আলি গণিৰ

তেওঁৰ প্ৰেমিক আলীয়ে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ-পূৰ লাডাখৰ চাৰিওফালে ঘূৰিবলৈ এখন বাইক ভাড়ালৈ লৈছিল।
লাডাখত বন্ধৰ দিন উপভোগ জেছমিন ভাছিন-আলি গণিৰ

টিভি তাৰকা আৰু বিগ বছ ১৪-ৰ প্ৰতিযোগী আলী গণি আৰু জেছমিন ভাছিনে লাডাখত বন্ধৰ দিন উপভোগ কৰে। তেওঁলোকৰ সৈতে লাডাখত বন্ধৰ দিন উদযাপন কৰে তেওঁলোকৰ একাংশ বন্ধু-বান্ধবীয়েও। এইসকলৰ অন্যতম হৈছে ' মহাব্বতে'-ত আলীৰ সহ-অভিনেতা কৃষ্ণা মুখাৰ্জী।

তেওঁলোক সকলোৱে ইজনে সিজনক কেন্দ্ৰীয় শাসিত অঞ্চলৰ সুন্দৰ দৃশ্যৰ ফটো শ্বেয়াৰ কৰিছে । কেইখনমান ফটো শ্বেয়াৰ কৰি জেছমিনে ইনষ্টাগ্ৰামত লিখিছে, "চুকুন!!! #nofilter #lehladakh।" তেওঁৰ প্ৰেমিক আলীয়ে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ-পূৰ লাডাখৰ চাৰিওফালে ঘূৰিবলৈ এখন বাইক ভাড়ালৈ লৈছিল। আনহাতে, জেছমিনে তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে গাড়ীত ফুৰা-চকা কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com