জামিয়া মিলিয়া ইছলামিয়াত বিষয়াৰ পদ খালী

জামিয়া মিলিয়া ইছলামিয়াই সহকাৰী প্ৰশিক্ষণ আৰু প্লেচমেণ্ট বিষয়া, কৰ্পোৰেট ৰিলেচনছ কাৰ্যবাহীৰ বাবে আবেদন বিচাৰিছে।
জামিয়া মিলিয়া ইছলামিয়াত বিষয়াৰ পদ খালী

জামিয়া মিলিয়া ইছলামিয়াৰ বিষয়েঃ 

জামিয়া মিলিয়া ইছলামিয়া হৈছে নতুন দিল্লীস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। প্ৰথমে এই বিশ্ববিদ্যালয় আলিগড়ত আছিল। ১৯৩৫-ত এই বিশ্ববিদ্যালয়ক ওখলালৈ স্থানান্তৰ কৰা হয়। ১৯৬২-ত এই বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগ ( ইউ জি চি)-এ ডীমড বিশ্ববিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰে। ১৯৮৮-ৰ ২৬ ডিচেম্বৰত এই প্ৰতিষ্ঠান এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পৰিণত হয়। নাজমা হেপতুল্লা জামিয়া মিলিয়া ইছলামিয়াৰ একাদশ আচাৰ্য আছিল। ২০১৯ৰ এপ্ৰিলত নাজমা আখতাৰক জামিয়া মিলিয়া ইছলামিয়াৰ পঞ্চদশ উপাচাৰ্য নিযুক্তি দিয়া হয়।  

২০২১-ৰ ডিচেম্বৰত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ক নাকে 'A++'ৰেংক প্ৰদান কৰে। 

জামিয়া মিলিয়া ইছলামিয়াৰ নিযুক্তি-২০২২ঃ 

জামিয়া মিলিয়া ইছলামিয়াই  সহকাৰী প্ৰশিক্ষণ আৰু প্লেচমেণ্ট বিষয়া, কৰ্পোৰেট ৰিলেচনছ কাৰ্যবাহী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ 

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

সহকাৰী প্ৰশিক্ষণ আৰু প্লেচমেণ্ট বিষয়া, কৰ্পোৰেট ৰিলেচনছ কাৰ্যবাহী

খালী পদ

২ টা। 

বয়স 

তথ্য উপলব্ধ নহয়। 

দৰমহা

মাহিলী ৩০ হেজাৰৰ পৰা ৬০ হেজাৰ টকা। 

অৱস্থান

দিল্লী- নতুন দিল্লী। 

অন্তিম তাৰিখ

২৭ জানুৱাৰী, ২০২২। 

আবেদন প্ৰক্ৰিয়া

-

আৱেদন মাচুল

নাই। 

ৱেবছাইট

-

শিক্ষাগত অৰ্হতা আৰু যোগ্যতাৰ চৰ্ত:

স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, এম বি এ। 

অভিজ্ঞতাঃ 

সহকাৰী প্ৰশিক্ষণ আৰু প্লেচমেণ্ট বিষয়াঃ কোনো  উদ্যোগত ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা। কোনো প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত টি ও পিৰূপে কাৰ্যনিৰ্বাহ। 

কৰ্পোৰেট ৰিলেচনচ বিষয়াঃ এইচ আৰৰ ক্ষেত্ৰত ন্যূনতম ২ বছৰৰ অভিজ্ঞতা। 

আবেদনৰ নিয়মঃ University Placement Cell, Faculty of Engineering, 3r Floor, Gate No. 01, Jamia Millia Islamia, New Delhi-110025-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com