Begin typing your search above and press return to search.

যোৰহাটৰ ন্যায়পালিকাত প্ৰচেছ ছাৰ্ভাৰ-নৈশ চকীদাৰৰ পদ খালী

যোৰহাট ন্যায়পালিকাই প্ৰচেছ চাৰ্ভাৰ আৰু নৈশ চকীদাৰৰ চাৰিটা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

যোৰহাটৰ ন্যায়পালিকাত প্ৰচেছ ছাৰ্ভাৰ-নৈশ চকীদাৰৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2021 11:55 AM GMT


যোৰহাট ন্যায়পালিকাঃ - ১৯৪৮ ৰ ১৫ নৱেম্বৰত যোৰহাটৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালত স্থাপন কৰা হয়। ১৯৫৩ৰ ১ এপ্ৰিলত এই ন্যায়পালিকাক স্থায়ী কৰা হয়। যোৰহাটৰ প্ৰথম জিলা আৰু ছেছন ন্যাযাধীশ আছিল এছ কে দাস ( এম এ, বি এল)। ইয়াৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত ১৯৭৫ত স্থাপন কৰা হয়। ইয়াৰ প্ৰথম মুখ্য ন্যায়িক দণ্ডাধীশ আছিল আৰ এম চক্ৰৱৰ্তী। তথ্য অনুসৰি কাৰ্যবাহীৰ পৰা ন্যায়পালিকাক সুকীয়া কৰাৰ পাছত অতিৰিক্ত জিলা দণ্ডাধীশৰ কাৰ্যপালন ১৯৭০ত আৰম্ভ হয়।

যোৰহাট ন্যায়পালিকাই প্ৰচেছ চাৰ্ভাৰ আৰু নৈশ চকীদাৰৰ চাৰিটা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


পদসমূহঃ

প্ৰচেছ চাৰ্ভাৰ

খালী পদৰ সংখ্যাঃ ৩টা । (অসংৰক্ষিতঃ ২টা, এটা অ বি চি)।

দৰমহাঃ১৪,০০০-৬০,৫০০ টকাৰ লগতে ৫,২০০ টকাৰ গ্ৰেড পে।


নৈশ চকীদাৰ

খালী পদৰ সংখ্যাঃ ১ টা ।

দৰমহাঃ১২,৫০০ টকাৰ লগতে ৩,৯০০ টকাৰ গ্ৰেড পে।


বয়সৰ সীমাঃ ১৮ ৰ পৰা ৪০ বছৰ।

আবেদনৰ নিয়মঃ অফলাইন।


আবেদন গ্ৰহণৰ শেষ তাৰিখ- ২৫-১১-২০২১।

নিয়ুক্তিৰ স্থানঃ যোৰহাট, অসম।


শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। দ্বাদশ শ্ৰেণী বা ততোধিক উত্তীৰ্ণসকলে আবেদন জনাব নালাগে।


প্ৰাৰ্থী সংবিধানৰ ৫ আৰু ৮ অনুচ্ছেদ অনুসৰি ভাৰতীয় নাগৰিক হব লাগিব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।



Next Story
চাকৰি