Begin typing your search above and press return to search.

CPGSAS মেঘালয়ত নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী

CPGSAS মেঘালয়ত শেহতীয়া ভাৱে জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ খালী পদত নিযুক্তি প্ৰদানৰ হেতু ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে

CPGSAS মেঘালয়ত নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্ছ ফেল্লৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Dec 2021 12:18 PM GMT

CPGSAS মেঘালয়ৰ বিষয়ে:

কলেজ অফ পোষ্ট গ্ৰেজুৱেট ষ্টাদিচ ইন এগ্রিকালচাৰেল সায়েন্সৰ পূৰ্বৰ নাম আছিল কলেজ অফ পোষ্ট গ্ৰেজুৱেট ষ্টাদিচ। কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, ইম্ফলৰ এক আংশিক মহাবিদ্যালয়। ২০০৭চনত প্ৰতিস্থাপন কৰা এই মহাবিদ্যালয়ৰ মূল লক্ষ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ পোষ্ট গ্ৰেজুৱেট, কৃষি বিভাগৰ শিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰা। এই প্ৰতিষ্ঠানৰ বিশ্বাস যে এই শিক্ষাৰ্থী সমূহে পৰবৰ্তী সময়ত কৃষি উন্নয়ন হেতুকে পথ প্ৰদৰ্শন কৰিব লগতে সমগ্ৰ ক্ষেত্ৰতে কৃষি ভিত্তিক আৰু গ্ৰামীণ উন্নয়নৰ দিশে সহযোগিতা প্ৰদান কৰিব।

CPGSAS মেঘালয়ত চাকৰিৰ অধিসূচনা:

CPGSAS মেঘালয়ত শেহতীয়া ভাৱে জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ খালী পদত নিযুক্তি প্ৰদানৰ হেতু ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' (জে আৰ এফ)

খালী পদ

০১

বয়স

পুৰুষ - ৩৫ বছৰ

মহিলা - ৪০ বছৰ

দৰমহা

৩১,০০০ /- টকা + HRA (জে আৰ এফৰ বাবে) আৰু ৩৫,০০০/- টকা HRA (এছ আৰ এফৰ বাবে)

অৱস্থান

উমিয়াম, মেঘালয়

অন্তিম তাৰিখ

১৫ জানুৱাৰী ২০২২

প্ৰকল্পৰ নাম

Exploring the diversity of Bacillus thuringiensis in the NER for mining novel insecticidal genes

শিক্ষাগত অৰ্হতা :

কৃষি পতঙ্গবিজ্ঞান/ ৰোগ বিজ্ঞান/ জৈৱ প্ৰযুক্তি/ কৃষি অণুজীৱবিজ্ঞান বিভাগত স্নাতকোত্তৰ উত্তীৰ্ণ।

প্ৰয়োজনীয় : NET/ GATE উত্তীৰ্ণ

আকাংক্ষিত : আণৱিক জীৱবিজ্ঞান বিভাগত অভিজ্ঞ।

আৱেদন প্ৰক্ৰিয়া :

১. ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ সকলো অৰ্হতা উল্লেখ কৰি আৱেদন পত্ৰ সমূহ, সকলো প্ৰকৃত প্ৰমাণ পত্ৰ আৰু পাছপৰ্ট ফটো সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

২. প্ৰাৰ্থী সকল আহি মুখ্য নিৰীক্ষক, শস্য সংৰক্ষণ বিভাগ, CPGSAS, CAU, উমিয়ামত, ১৫ জানুৱাৰী ২০২২ তাৰিখে সাক্ষাৎকাৰৰ ১ঘণ্টা সময়ৰ আগেয়ে উপস্থিত হ'ব লাগিব।

৩. প্ৰাৰ্থী সকলক কোভিড নিয়মাৱলী সমূহ মনো চলিবলৈ আহ্বান জনোৱা হ'ল।

ঠিকনা : কলেজ অফ পোষ্ট গ্ৰেজুৱেট ষ্টাদিচ ইন এগ্রিকালচাৰেল সায়েন্স (CPGSAS), উমিয়াম, মেঘালয় - ৭৯৩১০৩

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : MPPSC নিযুক্তি ২০২২– ৬৯২ আয়ুৰ্বেদ চিকিৎসা বিষয়াৰ পদখালী


Next Story
চাকৰি