তেজপুৰ বিশ্ববিদ্যালয়ত, জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী

ৰসায়ন বিজ্ঞান বিভাগৰ অধীনত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে
তেজপুৰ বিশ্ববিদ্যালয়ত, জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়ে :

সাংসদীয় অধিনিয়মৰ ১৯৯৪ৰ অন্তৰ্গত, প্ৰতিস্থাপিত উত্তৰ পূৰ্বাঞ্চল অসমৰ তেজপুৰ জিলাত অৱস্থিত তেজপুৰ বিশ্ববিদ্যালয় এক কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানটিৰ স্থাপন অসম বিশ্ববিদ্যালয় আৰু ভাৰতীয় কাৰিকৰী অনুষ্ঠান সহ অসম একৰ্ডৰ এক ফলাফল হিচাপে ধৰা হয়।

তেজপুৰ বিশ্ববিদ্যালয়ত পদ খালী :

তেজপুৰ বিশ্ববিদ্যালয়ত, শেহতীয়া ভাৱে চি এছ আই আৰ দ্বাৰা পুঁজি যোগান ধৰা প্ৰকল্প "pH Responsive Switchable Cyanido Bridges Co-Fe Molecular Aggregates" মুখ্য নিৰিক্ষক নয়নমণি গগৈ, সহকাৰী অধ্যাপক, ৰসায়ন বিজ্ঞান বিভাগৰ অধীনত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জুনিয়ৰ ৰিচাৰ্ছ ফেল' (JRF)

খালী পদৰ সংখ্যা

০১টা

অৱস্থান

 তেজপুৰ, অসম

বয়স

অধিকতম ২৮বছৰ

দৰমহা

৩১,০০০টকা, মাহিলী + HRA (স্বীকাৰ্য্য অনুসৰি)

অন্তিম তাৰিখ

২৩/১১/২০২১

প্ৰকল্পৰ নাম

 pH Responsive Switchable Cyanido Bridges Co-Fe Molecular Aggregates

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ৰসায়ন বিজ্ঞান বিষয়ত ৫৫%নম্বৰ সহ M. Sc উত্তীৰ্ণ হ'ব লাগিব।

নতুবা সমান্তৰাল CGPA সহ NET/ GATE উত্তীৰ্ণ হ'ব লাগিব

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত (enclosed as Annexure-I) দশম শ্ৰেণীৰ পৰা শিক্ষাগত প্ৰমাণপত্ৰ, জাতি মানপত্ৰ, অভিজ্ঞতা মানপত্ৰ, NET/ GATE বা সমান্তৰাল পৰীক্ষাত উত্তীৰ্ণ মানপত্ৰ আৰু শেহতীয়া ভাৱে স্বাক্ষৰ যুক্ত এখন বায়ডাটা প্ৰধান তদন্তকাৰীলৈ ই- মেইললৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : ngogoi@tezu.ernet.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com