কেন্দ্ৰীয় বিদ্যালয় মিছা কেণ্টনমেণ্টত শিক্ষকৰ পদ খালী

কেন্দ্ৰীয় বিদ্যালয় মিছা কেণ্টনমেণ্ট শিক্ষক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷
কেন্দ্ৰীয় বিদ্যালয় মিছা কেণ্টনমেণ্টত শিক্ষকৰ পদ খালী

কেন্দ্ৰীয় বিদ্যালয় মিছা কেণ্টনমেণ্টৰ বিষয়েঃ

কেন্দ্ৰীয় বিদ্যালয়ৰ মিছা কেণ্টনমেণ্ট গুৱাহাটী-তেজপুৰ-যোৰহাট ঘাইপথৰ দাঁতিত অৱস্থিত ৷ এই শিক্ষানুষ্ঠান কলিয়াবৰ মহকুমাৰ নগাঁও আৰু তেজপুৰৰ মাজত অৱস্থিত । গুৱাহাটী ৰেল ষ্টেচনৰ পৰা এই শিক্ষানুষ্ঠানৰ দূৰত্ব ১৪৫ কিলোমিটাৰ আৰু মিছা বাছ ষ্টেচনৰ পৰা এক কিলোমিটাৰ দূৰত্বত অৱস্থিত। বিমানকোঠৰ পৰা এই শিক্ষানুষ্ঠানলৈ দূৰত্ব ১৬০ কিলোমিটাৰ ৷ এই শিক্ষানুষ্ঠান ৩৭ নম্বৰ ঘাইপথৰ দাঁতিত অৱস্থিত।

কেন্দ্ৰীয় বিদ্যালয় মিছা কেণ্টনমেণ্ট নিযুক্তি-২০২২ঃ

কেন্দ্ৰীয় বিদ্যালয় মিছা কেণ্টনমেণ্ট শিক্ষক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷ এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে ৷

পদৰ নাম

স্নাতকোত্তৰ শিক্ষক ( ইংৰাজী, হিন্দী, পদাৰ্থ বিজ্ঞান,  ৰসায়ন বিজ্ঞান, জীৱ বিজ়্ান, গণিত, বুৰঞ্জী, অৰ্থনীতি, ভূগোল)

স্নাতকোত্তৰ  শিক্ষক (কম্পিউটাৰ ছায়েন্স)

স্নাতক শিক্ষক (  গণিত, বিজ্ঞান,  ইংৰাজী, হিন্দী, সমাজ বিজ্ঞান, সংস্কৃত)

ফিজিকেল এজুকেচনৰ শিক্ষক 

কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ

স্নাতক শিক্ষক ( কলা, শিল্প)। 

প্ৰাথমিক শিক্ষক, প্ৰাথমিক শিক্ষক (সংগীত)। 

খালী পদৰ সংখ্যা

তথ্য উপলব্ধ নহয়। 

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ। 

কামৰ প্ৰকৃতি

ঠিকাভিত্তিক। 

চাকৰিৰ স্থান

 নগাঁও-অসম। 

অন্তিম তাৰিখ

২ মাৰ্চ, ২০২২। 

আবেদন মাচুল

তথ্য উপলব্ধ নহয়। 

ৱেবছাইট

misacantt.kvs.ac.in

শিক্ষাগত অৰ্হতাঃ

স্নাতকোত্তৰ শিক্ষক ( ইংৰাজী, হিন্দী, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ়্ান, গণিত, বুৰঞ্জী, অৰ্থনীতি, ভূগোল)ঃ  সংশ্লিষ্ট বিষয়ত এম এ বা এম এচ চি থাকিব লাগিব। 

স্নাতকোত্তৰ শিক্ষক (কম্পিউটাৰ ছায়েন্স)ঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ন্যূনতম ৫০ শতাংশ নম্বৰসহ বি ই বা বি টেক হব লাগিব। অথবা সম-পৰ্যায়ৰ শিক্ষাগ্ৰহণ কৰা হব লাগিব। 

স্নাতক শিক্ষক ( গণিত, বিজ্ঞান, ইংৰাজী, হিন্দী, সমাজ বিজ্ঞান, সংস্কৃত)ঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰী তাকিব লাগিব। 

ফিজিকেল এজুকেচনৰ শিক্ষক ঃ স্পৰ্টছ কোচিঙত দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। 

কম্পিউটাৰ ইনষ্ট্ৰাক্টৰঃ বি ই বা বি টেক বা এম চি এ অথবা এম এছ চি আদি হব লাগিব। 

স্নাতক শিক্ষক ( কলা, শিল্প)।ঃ স্বীক-তিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা  চিত্ৰাংকণ আৰু পেইণ্টিং, শিল্প-কলা, গ্ৰাফিক আৰ্টৰ সংহত পাঁচবছৰীয়া ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব। 

আবেদনৰ নিয়ম

https://misacantt.kvs.ac.in-ৰ পৰা প্ৰাৰ্থীসকলে আবেদন জানব পাৰিব। অথবা অহা ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ Kendriya Vidyalaya Misa Cantonment, P.O.- Misa, Dist.- Nagaon, PIN-782138-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com