Begin typing your search above and press return to search.

লাহোৱালৰ চৰকাৰী আই টি আইত বিভিন্ন পদ খালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব

লাহোৱালৰ চৰকাৰী আই টি আইত বিভিন্ন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2021 10:35 AM GMT

লাহোৱালৰ চৰকাৰী আই টি আইৰ বিষয়েঃ

ক্ৰাফটমেনৰ প্ৰশিক্ষণৰ বাবে আই টি আইসমূহক সবল কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা উন্নয়ন আৰু এণ্টাৰপ্ৰেণিউৰশ্বিপ মন্ত্ৰালয়ে। অসম চৰকাৰৰ দক্ষতাবিকাশ আৰু এণ্টাৰপ্ৰেণিউৰশ্বিপ সঞ্চালকালয়ৰ অধীনত তিনিটা শাখা আছে।

এই শাখাসমূহ হৈছেঃ

ক্ৰাফটমেন প্ৰশিক্ষণ আঁচনি, নিয়োগ সেৱা আঁচনি আৰু এপ্ৰেণ্টিচ প্ৰশিক্ষণ আঁচনি।

ডিব্ৰুগড়ৰ লাহোৱাল আই টি আয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ

ছুপাৰভাইজৰ

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ মেকানিকেল বা বৈদ্যুতিক অথবা ইলেক্ট্ৰনিকচ এণ্ড ইনষ্ট্ৰুমেণ্টেচনত বি ই বা ডিপ্লমা থকা হব লাগিব। তদুপৰি ন্যূনতম ২ বছৰৰ কৰ্মঃঅভিজ্ঞতা থাকিব লাগিব।

দৰমহাৰ স্কেলঃ মাহিলী ১৮ হেজাৰ টকা।

বয়সৰ সীমাঃ ১ ডিচেম্বৰ, ২০২১ত ১৮ৰ পৰা ৪৩ বছৰৰ ভিতৰত হব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

ইনষ্ট্ৰাক্টৰ (ডিজেল-মেকানিক)

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ মেকানিকেল ইঞ্জিনীয়াৰিঙত বি ই বা ডিপ্লমা থকা হব লাগিব। তদুপৰি NTC/NAC-ত মেকানিকেল শাখাত কাম কৰাৰ ন্যূনতম ৪ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

দৰমহাৰ স্কেলঃ মাহিলী ১৬,৫০০ টকা।

বয়সৰ সীমাঃ ১ ডিচেম্বৰ, ২০২১ত ১৮ৰ পৰা ৪৩ বছৰৰ ভিতৰত হব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

ইনষ্ট্ৰাক্টৰ (ছাৰ্ভেয়ৰ)

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ চিভিল বা ছাৰ্ভেয়ৰ ইঞ্জিনীয়াৰিঙত বি ই বা ডিপ্লমা থকা হব লাগিব। তদুপৰি ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

দৰমহাৰ স্কেলঃ মাহিলী ১৬,৫০০ টকা।

বয়সৰ সীমাঃ ১ ডিচেম্বৰ, ২০২১ত ১৮ৰ পৰা ৪৩ বছৰৰ ভিতৰত হব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

নৈশ চকীদাৰ

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ।

দৰমহাৰ স্কেলঃ মাহিলী ১২ হেজাৰ টকা।

বয়সৰ সীমাঃ ১ ডিচেম্বৰ, ২০২১ত ১৮ৰ পৰা ৪৩ বছৰৰ ভিতৰত হব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

দিনৰ চকীদাৰ

খালী পদৰ সংখ্যাঃ ১ টা।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ।

দৰমহাৰ স্কেলঃ মাহিলী ১২ হেজাৰ টকা।

বয়সৰ সীমাঃ ১ ডিচেম্বৰ, ২০২১ত ১৮ৰ পৰা ৪৩ বছৰৰ ভিতৰত হব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

ৱৰ্কশ্বপ এটেণ্ডেণ্ট

আবেদনৰ নিয়মঃ

সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে নিম্নোক্ত নথি-পত্ৰ লগত আনিব লাগিবঃ

ক) শৈক্ষিক, বয়স আদিৰ প্ৰমাণপত্ৰৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপি।

খ) শেহতীয়াকৈ তোলা পাছপোৰ্ট আকাৰৰ ফটো।

গ) নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন নম্বৰ

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি