Begin typing your search above and press return to search.

লাকৱা কনষ্ট্ৰাকচন কোত অভিযন্তা প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন

ইচ্ছ্যুক প্ৰাৰ্থীসকলে তলত এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য চাব পাৰে।

লাকৱা কনষ্ট্ৰাকচন কোত অভিযন্তা প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Nov 2021 10:18 AM GMT

শিৱসাগৰৰ মেছাৰ্চ লাকৱা কনষ্ট্ৰাকচন এণ্ড কো হৈছে এক অংশীদাৰিত্বৰ ফাৰ্ম। এই ফাৰ্ম ফাৰ্ম আৰু ছোচাইটি পঞ্জীয়কৰ অধীনত পঞ্জীভুক্ত। এই ফাৰ্ম ১৯৮২ত গঠিত হয়। লকৱা ফাৰ্মে অ এন জি চি, ভাৰতীয় তেল নিগম, গেইল (ইণ্ডিয়া) লিমিটেড, অইল ইণ্ডিয়া লিমিটেড কেন্দ্ৰীয় গড়কাপ্টানী বিভাগ, পাৱাৰ গ্ৰীড আদিৰ চিৱিল, মেকানিকেল, গাঁথনিগত আৰু পাইপ লাইনৰ ঠিকা কাম কৰে।

লাকৱা কনষ্ট্ৰাকচন কোৱে অভিযন্তা প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে তলত এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য চাব পাৰে।


পদৰ নামঃ

অভিযন্তা প্ৰশিক্ষাৰ্থী।

খালী পদৰ সংখ্যাঃ ২টা। ইয়াৰে এটা গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ বাবে আৰু আনটো যোৰহাট জিলাৰ বৰহোলা অঞ্চলৰ বাবে।

দৰমহাঃ প্ৰথম বছৰ ১২ হেজাৰ টকাৰ লগতে থকা-খোৱাৰ সুবিধা আৰু আহ-যাহৰ সুবিধা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।

শিক্ষাগত অৰ্হতাঃ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা বা বি ই (মেকানিকেল)। AUTO CAD জ্ঞান থকাটো বাধ্যতামূলক।

আবেদনৰ মাচুলঃ নাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭-১১-২০২১।


ইচ্ছ্যুক প্ৰাৰ্থীয়ে desksolutionhr@gmail.com-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।


ঐৰু চাব পাৰেঃ NERAMAC গুৱাহাটীত কনিষ্ঠ তথ্য-প্ৰযুক্তি পৰামৰ্শদাতাৰ পদখালী



Next Story
চাকৰি