Begin typing your search above and press return to search.

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ খালী

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে কনিষ্ঠ অভিযন্তা, গাৰ্ডেন ছুপাৰভাইজৰৰ বাবে আবেদন বিচাৰিছে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jan 2022 10:17 AM GMT

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-ৰ বিষয়েঃ


লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH) হৈছে দেশৰ অন্যতম পুৰণি মানসিক ৰোগ চিকিত্সা প্ৰতিষ্ঠান। তেজপুৰস্থিত এই প্ৰতিষ্ঠান ১৮৭৬-ত প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠানে ৮১ একৰো অধিক ভূমি আগুৰি আছে। ১৮৭৬-ত ব্ৰিটিছৰ শাসনৰ সময়ত এই প্ৰতিষ্ঠান তেজপুৰ পগলা ফাটেকৰূপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২২-ত এই প্ৰতিষ্ঠানক তেজপুৰ মানসিক চিকিত্সালয়ৰূপে নামকৰণ কৰা হয়। ১৯৩২-ত এই হাস্পতালত ৰোগীৰ বিচনাৰ সংখ্যা ৭০০ খনলৈ বৃদ্ধি পায়।

স্বাধীনতাৰ পাছত এই হাস্পতালক অসম চৰকাৰৰ অধীনলৈ অনা হয়। ১৯৪৯-ত স্বৰ্গীয় এন চি বৰদলৈ এই হাস্পতালৰ অধীক্ষক হয়। তেওঁৰ কাৰ্যকালত হাস্পতালখনে প্ৰশাসনিক আৰু চিকিত্সা সেৱাৰ ক্ষেত্ৰত উন্নতিৰ মুখ দেখে। ডাঃ বৰদলৈ হৈছে পদ্মশ্ৰী বঁটা প্ৰাপ্ত দেশৰ প্ৰথমগৰাকী মনোৰোগ বিশেষজ্ঞ। ১৯৮৭-ত হাস্পতালখনৰ এটা নতুন বহিঃৰোগ বিভাগৰ গৃহ নিৰ্মাণ কৰা হয়। ১৯৮৯-ত এই হাস্পতালক অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হয়। ১৯৯৯-ত হাস্পতালখনক উত্তৰ-পূব পৰিষদলৈ হস্তান্তৰ কৰা হয়। ২০০৭ৰ ১ জুনত এই হাস্পতালক ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গ্ৰহণ কৰে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-ৰ নিযুক্তি-২০২২ঃ

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-এ কনিষ্ঠ অভিযন্তা আৰু গাৰ্ডেন ছুপাৰভাইজৰ নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

কনিষ্ঠ অভিযন্তা আৰু গাৰ্ডেন ছুপাৰভাইজৰ

খালী পদসমূহ

২ টা।

চাকৰিৰ স্থান

তেজপুৰ, অসম।

দৰমহা

নিয়ম অনুসৰি।

আৱেদন গ্ৰহণৰ শেষ তাৰিখ

১০ ফেব্ৰুৱাৰী, ২০২২।

বয়সৰ সীমা

১ ফেব্ৰুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৩২ বছৰ।

আবেদনৰ মাচুল

নাই।

শিক্ষাগত অৰ্হতাঃ

কনিষ্ঠ অভিযন্তাঃ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা।

তদুপৰি কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ সংস্থাত কাম কৰাৰ এবছৰৰ অভিজ্ঞতা থাকিব লাগিব।


গাৰ্ডেন ছুপাৰভাইজাৰঃ কৃষি/ উদ্যানশস্যৰ ডিপ্লমা। তদুপৰি এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ The Administrative Officer, LGBRIMH, Tezpur-784001-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।


আৰু চাব পাৰে:ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ নিযুক্তি ২০২২ - কাৰ্যবাহী সঞ্চালকৰ খালী পদ


Next Story
চাকৰি