লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ খালী

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে চিকিত্সা অধীক্ষক, মেট্ৰোন নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ খালী

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-ৰ বিষয়েঃ 

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH) হৈছে দেশৰ অন্যতম পুৰণি মানসিক ৰোগ চিকিত্সা প্ৰতিষ্ঠান। তেজপুৰস্থিত এই প্ৰতিষ্ঠান ১৮৭৬-ত প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠানে ৮১ একৰো অধিক ভূমি আগুৰি আছে। ১৮৭৬-ত ব্ৰিটিছৰ শাসনৰ সময়ত এই প্ৰতিষ্ঠান তেজপুৰ পগলা ফাটেকৰূপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২২-ত এই প্ৰতিষ্ঠানক তেজপুৰ মানসিক চিকিত্সালয়ৰূপে নামকৰণ কৰা হয়।

১৯৩২-ত এই হাস্পতালত ৰোগীৰ বিচনাৰ সংখ্যা ৭০০ খনলৈ বৃদ্ধি পায়। স্বাধীনতাৰ পাছত এই হাস্পতালক অসম চৰকাৰৰ অধীনলৈ অনা হয়। ১৯৪৯-ত স্বৰ্গীয় এন চি বৰদলৈ এই হাস্পতালৰ অধীক্ষক হয়। তেওঁৰ কাৰ্যকালত হাস্পতালখনে প্ৰশাসনিক আৰু চিকিত্সা সেৱাৰ ক্ষেত্ৰত উন্নতিৰ মুখ দেখে। ডাঃ বৰদলৈ হৈছে পদ্মশ্ৰী বঁটা প্ৰাপ্ত দেশৰ প্ৰথমগৰাকী মনোৰোগ বিশেষজ্ঞ। ১৯৮৭-ত হাস্পতালখনৰ এটা নতুন বহিঃৰোগ বিভাগৰ গৃহ নিৰ্মাণ কৰা হয়। ১৯৮৯-ত এই হাস্পতালক অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হয়। ১৯৯৯-ত হাস্পতালখনক উত্তৰ-পূব পৰিষদলৈ হস্তান্তৰ কৰা হয়। ২০০৭ৰ ১ জুনত এই হাস্পতালক ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গ্ৰহণ কৰে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-ৰ নিযুক্তি-২০২২ঃ 

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-এ চিকিত্সা অধীক্ষক, মেট্ৰোন নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

প্ৰাৰ্থীসকলে  পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

চিকিত্সা অধীক্ষক, মেট্ৰন। 

পদৰ সংখ্যা

৪ টা। 

দৰমহা

মাহিলী ৫,৫০০ টকাৰ পৰা ৩৪,৮০০টকা। 

চাকৰিৰ স্থান

তেজপুৰ। 

বয়সৰ সীমা

সৰ্বোচ্চ ৬৫ বছৰ। 

অন্তিম তাৰিখ

১০ ফেব্ৰুৱাৰী,  ২০২২। 

ৱেবছাইট

lgbrimh.gov.in


শিক্ষাগত অৰ্হতাঃ 

চিকিত্সা অধীক্ষকঃ স্নাতোকত্তৰ ডিপ্লমা / ডিগ্ৰী। 

প্ৰকল্প অভিযন্তাঃ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী। 

মেট্ৰন আৰু সহকাৰী প্ৰশাসনিক বিষয়াঃ নিয়ম অনুসৰি। 

অভিজ্ঞতাঃ

সংশ্লিষ্ট ক্ষেত্ৰসমূহত প্ৰাৰ্থীৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

পদৰ সবিশেষঃ 

চিকিত্সা অধীক্ষকঃ ১ টা। 

প্ৰকল্প অভিযন্তাঃ ১টা। 

মেট্ৰনঃ ১টা। 

সহকাৰী প্ৰশাসনিক বিষয়াঃ ১টা।  

 আবেদনৰ পদক্ষেপসমূহঃ 

প্ৰথমে অফিচিয়েল ৱেবছাইট lgbrimh.gov.in- চাওক আৰু

আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (১০ ফেব্ৰুৱাৰী-২০২২) ভিতৰত আবেদন পত্ৰ দাখিল কৰক।

ভৱিষ্যতৰ প্ৰসংগৰ বাবে আবেদন পত্ৰ নম্বৰ/কুৰিয়াৰ স্বীকৃতি নম্বৰ সংগ্ৰহ কৰক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com