ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়েঃ ১৯৫৬ৰ ১ ছেপ্টেম্বৰত ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) প্ৰতিষ্ঠা কৰা হয়। জীৱন বীমা কৰাটো অতীজৰে পৰা চলি আহিছে। প্ৰায় ৬ হেজাৰ বছৰ পূৰ্বেই জীৱন বীমা আৰম্ভ হয়। অৱশ্য়ে আধুনিক জীৱন বীমাৰ ইতিহাস অধিক বছৰৰ পুৰণি নহয়।
ভাৰতীয় জীৱন বীমা নিগমত পদ খালীঃ
পদৰ সবিশেষ তলত উল্লেখ কৰা হ'ল:
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট) আৰু কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)। |
খালী পদৰ সংখ্যা | কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট)ৰ ১টা আৰু কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)-ৰ ২টা। |
দৰমহা (বাৰ্ষিক) | কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট)ৰ ১৫ লাখৰ পৰা ২০ লাখ টকা আৰু কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)-ৰ ৮ লাখৰ পৰা ১০ লাখ টকা। |
চাকৰিৰ স্থান | মুম্বাই, মহাৰাষ্ট্ৰ। |
বয়সৰ সীমা | কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট)ৰ ৩৫ৰ পৰা ৪৫ বছৰ আৰু কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)-ৰ ৩০ ৰ পৰা ৪০ বছৰ। |
অন্তিম তাৰিখ | ২৩ ডিচেম্বৰ, ২০২১। |
ৱেবছাইট | licindia.in |
শিক্ষাগত অৰ্হতা:
কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট)ৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে তালিকাভুক্ত কোম্পানীত কাম কৰাৰ ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অথবা কোনো তালিকাভুক্ত কোম্পানীৰ ছেক্ৰেটেৰিয়েল বিভাগত কাম কৰাৰ অন্ততঃ ৪ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)-ৰ প্ৰাৰ্থী প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে তালিকাভুক্ত কোম্পানীৰ ছেক্ৰেটেৰিয়েল বিভাগত কাম কৰাৰ অন্ততঃ ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদন জনোৱাৰ ক্ষেত্ৰত নিম্নোক্ত নিয়মাৱলী অনুসৰণ কৰক:
• প্ৰথমে অফিচিয়েল ৱেবচাইট licindia.in খোলক
• Recruitment or Careers অপচন চাওক।
• আবেদন কৰিব বিচৰা পদৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক
• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক
• শুদ্ধ তথ্যৰে ২৩ ডিচেম্বৰ, ২০২১-ৰ ভিতৰত আবেদন পূৰণ কৰক
আৱেদন প্ৰক্ৰিয়া:
ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে অনলাইন পদ্ধতিৰে এল আই চিৰ অফিচিয়েল ৱেবচাইট যোগে অন্তিম তাৰিখ ২৩ /১২/২০২১ৰ বিতৰত নিজৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব।
আৰু চাব পাৰে : ISEC নিযুক্তি ২০২১ - ক্ষেত্ৰ অনুসন্ধানকাৰীৰ শেহতীয়া পদ খালী