Begin typing your search above and press return to search.

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত পদখালী

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2021 10:16 AM GMT


মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ২০১৭ অনুসৰি মাজুলীত স্থাপন কৰা হৈছে। ২০১৭ৰ ৭ ছেপ্টেম্বৰত অসম চৰকাৰে এই বিধেয়ক গৃহীত কৰে। ২০১৮ৰ ১৩ জুলাইত অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ২০১৯ৰ ১৩ জুলাইত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে অধ্য়াপক ডঃ ডম্বৰুধৰ নাথক নিযুক্তি দিয়া হয়। মাজুলী কলেজত অস্থায়ীভাবে এই বিশ্ববিদ্যালয় চলি আছে। বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা হৈছে।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে।

পদঃ

সহকাৰী অধ্যাপক

খালী পদৰ সংখ্যা ১২টা।

বিভাগ অনুযায়ী পদঃ ভাৰতীয় অধ্যয়ন আৰু ঐতিহ্য অধ্যয়ন বিভাগত চাৰিটা পদ। অসমীয়া আৰু উত্তৰ-পূবৰ অন্যান্য থলুৱা ভাষা অধ্যয়ন কেন্দ্ৰত ৪ টা পদ। পৰিবেশ্য কলা (সত্ৰীয়া সংগীত আৰু নৃত্য) বিভাগত ৪ টা পদ।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫৫ শতাংশ নম্বৰসহ সংশ্লিষ্ট বিষয়ত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ ডিগ্ৰী। প্ৰাচীন অসমীয়া সাহিত্যৰ বিশেষীকৃত জ্ঞান থাকিব লাগিব। প্ৰাৰ্থীৰ নেট বা শ্লেট বা পি এইচ ডি থাকিব লাগিব।


সহকাৰী পঞ্জীয়কঃ

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ ডিগ্ৰী। একেৰাহে ভাল কেৰিয়াৰৰ হব লাগিব। আইনৰ ডিগ্ৰীধাৰীয়ে অগ্ৰাধিকাৰ পাব।

পিয়নঃ

খালী পদৰ সংখ্যাঃ ০৪টা।

শিক্ষাগত অৰ্হতাঃ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ।

আবেদনৰ নিয়মঃ

নিৰ্ধাৰিত প্ৰ-পত্ৰযোগে অৰ্হতাৰ প্ৰৰাণপত্ৰৰ প্ৰতিলিপি নিম্নোক্ত ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিবঃ


The Registrar,

Majuli University of Culture, Majuli,

C/o – Pub Majuli College,

Bongaon – 785110, Majuli


আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৪-১২-২০২১।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি