Begin typing your search above and press return to search.

মৌলানা আজাদ মেডিকেল কলেজত চিকিৎসক, আন পদত নিযুক্তি

মৌলানা আজাদ মেডিকেল কলেজে Pediatrician, Audiologist নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

মৌলানা আজাদ মেডিকেল কলেজত চিকিৎসক, আন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2022-02-09T17:58:02+05:30

মৌলানা আজাড মেডিকেল কলেজৰ বিষয়েঃ


নতুন দিল্লীস্থিত মৌলানা আজাদ মেডিকেল কলেজ হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰপ্ত এখন মেডিকেল কলেজ। এই মেডিকেল কলেজ দিল্লী চৰকাৰে পৰিচালনা কৰে। এই মেডিকেল কলেজৰ নামাকৰণ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী মৌলানা আজাডৰ নামেৰে কৰা হৈছে। ১৯৫৯-ত দিল্লী গেটৰ ওচৰৰ বাহাদুৰ শ্বাহ জাফৰ মাৰ্গত এই মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হয়। এই মেডিকেল কলেজৰ লগত সংযুক্ত চাৰিকন মেডিকেল কলেজৰত ৰোগীৰ বাবে মুঠ ২,৮০০ বিছনা আছে। এই মমেডিকেল কলেজে দিল্লীৰ লাখ লাখ লোকলৈ স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। এই মেডিকলে কলেজত স্ননাতক আৰু স্নাতকোত্তৰ চিকিতস্া শিক্ষাও আগবঢ়োৱা হয়।


মৌলানা আজাদ মেডিকেল কলেজৰ নিযুক্তি ২০২২ঃ

মৌলানা আজাদ মেডিকেল কলেজে Pediatrician, Audiologist নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ



পদৰ নাম

পেডিয়াট্ৰিচিয়ান, অডিওলজিষ্ট।

খালী পদৰ সংখ্যা

৪৯ টা।

বয়সৰ সীমা

উল্লেখ কৰা হোৱা নাই

দৰমহা

প্ৰতি মাহে ১৮ হেজাৰ টকাৰ পৰা ৯০ হেজাৰ টকা

চাকৰিৰ অৱস্থান

নতুন দিল্লী

অন্তিম তাৰিখ

১৮ ফেব্ৰুৱাৰী, ২০২২।

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।

ৱেবছাইট

mamc.ac.in


শিক্ষাগত অৰ্হতাঃ

পেডিয়াট্ৰিচিয়ানঃ এম বি বি এছ, স্নাতকোত্তৰ ডিগ্ৰী, এম ডি/ ডি এন বি ৷

অডিঅ'লজিষ্টঃ স্পীচ এণ্ড লেংগুৱেজ ছায়েন্সছত বি এছ চি, অডিঅ'লজী, স্পীচ এণ্ড লেংগুৱেজ পেথ'লজীৰ স্নাতক ৷

ডাটা মেনেজাৰঃ কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্ল'মা, স্নাতক ।

সংগ্ৰাহ সমন্বয়কঃ দশম শ্ৰেণী ৷

ডাটা এণ্ট্ৰী অপাৰেটৰঃ দ্বাদশ শ্ৰেণী ৷

অভিজ্ঞতাৰ বিশদঃ

পেডিয়াট্ৰিচিয়ানঃ প্ৰাৰ্থীৰ মেডিকেল জেনেটিকছ বিভাগত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব ৷

অ'ডিঅ'লজিষ্টঃ প্ৰাৰ্থীৰ সংশ্লিষ্ট ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা থাকিব লাগিব ৷

ডাটা মেনেজাৰঃ প্ৰাৰ্থীৰ কম্পিউটাৰ অপাৰেটৰ বা কাৰিকৰী সহায়কৰূপে কাম কৰাৰ ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷

সংগ্ৰহ সম্বন্বয়কঃ স্বাস্থ্য খণ্ডৰ কামত প্ৰাৰ্থীৰ ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

ডাটা এণ্ট্ৰী অপাৰেটৰঃ প্ৰাৰ্থীৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠান/ হাস্পতাল আদিত কম্পিউটাৰৰূপে কাম কৰাৰ ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷


আবেদনৰ নিয়মঃ

অহা ১৮ ফেব্ৰুৱাৰী, ২০২২ লৈকে mamc.ac.in-ৰ পৰা আবেদন জনাব পাৰিব।


আৰু চাব পাৰে :গোৱা পি.এছ.চি. নিযুক্তি ২০২২ - ০১ মুখ্য বৈদ্যুতিক অভিযন্তা খালী পদ


Next Story