Begin typing your search above and press return to search.

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহকাৰী পাৰপত্ৰ বিষয়া নিযুক্তি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সহকাৰী পাৰপত্ৰ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহকাৰী পাৰপত্ৰ বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jan 2022 8:27 AM GMT

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়েঃ

ভাৰত চৰকাৰৰ বহিঃ কাম-কাজ চোৱাচিতা তথা তদাৰকীৰ বাবে এটা সুকীয়া কূটনৈতিক সেৱা মুকলিৰ ধাৰণা সৃষ্টি হয় লেফটেনেণ্ট জেনেৰেল টি জে হাটনে লিপিৱদ্ধ কৰা এটা টোকাৰ পৰা ৷ তেওঁ এই টোকা লিপিবদ্ধ কৰে ১৯৪৪ৰ ৩০ ছেপ্টেম্বৰত ৷ লেফটেনেণ্ট জেনেৰেল হাটন তেতিয়াৰ ভাৰত চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সচিব আছিল। তেওঁ এই টোকা বহিঃপৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰে ৷ এই টোকা পোৱাৰ পাছত তেতিয়াৰ বৈদেশিক সচিব অ'লাফ কেৰ'ৱেই এই প্ৰস্তাৱিত সেৱাৰ কাৰ্য, গঠন, কৰ্ম-সুযোগ আদিৰ বিশদ বাখ্যা আগবঢ়ায় ৷ কেৰ'ই আঙুলিয়াই দিয়ে যে ভাৰতে স্বতন্ত্ৰতা আৰু ৰাষ্ট্ৰীয় সচেতনতাৰ পৰ্যায়ত উপনীত হৈছে ৷ গতিকে ভাৰতক বিদেশত প্ৰতিনিধিত্ব কৰা এটা ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন হৈছে ৷

স্বাধীনতাৰ এবছৰ পূৰ্বে ১৯৪৬-ত ভাৰত চৰকাৰে দেশৰ কূটনৈতিক কাম-কাজৰ বাবে ভাৰতীয় বৈদেশিক সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিযুক্তি ২০২২ঃ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সহকাৰী পাৰপত্ৰ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ নাম

সহকাৰী পাৰপত্ৰ বিষয়া।

খালী পদৰ সংখ্যা

১টা।

বয়সৰ সীমা

সৰ্বোচ্চ ৫৬ বছৰ ।

দৰমহা

মাহিলী ৫৬,১০০ টকাৰ পৰা ১,৭৭, ৫০০ টকা।

চাকৰিৰ স্থান

গুৱাহাটী, কলকাতা, শ্ৰীনগৰ।

অন্তিম তাৰিখ

১০ জানুৱাৰী, ২০২২

ৱেবছাইট

mea.gov.in

শিক্ষাগত অৰ্হতা: কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰীধাৰী হব লাগিব।

অভিজ্ঞতাৰ সবিশেষঃ

কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ বিত্ত বা প্ৰশাসন অথবা অনুপ্ৰৱেশ, কনছুলাৰ নতুবা পাৰপত্ৰৰ কামত ন্যূনতম ৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


আবেদন প্ৰক্ৰিয়াঃ

• প্ৰথমে অফিচিয়েল ৱেবচাইট mea.gov.in লৈ যাওক

• বৈদেশিক মন্ত্ৰালয়ৰ নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• সহকাৰী পাৰপত্ৰ বিষয়াৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাবে আবেদন পূৰণ কৰক

• অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং সংগ্ৰহ কৰক




আৰু পঢ়ক:ভাৰতীয় ৰিজাৰ্ভ বেংক নিযুক্তি ২০২২ - বেংকৰ চিকিৎসা পৰামৰ্শদাতাৰ পদখালী



Next Story
চাকৰি