মেঘালয়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
মেঘালয়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়ত পদখালী
Published on: 

মেঘালয়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়ত সহকাৰী টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : সহকাৰী কাৰিকৰ

খালী পদৰ সংখ্যা : ০১টা

বয়স : নূন্যতম ১৮বছৰ আৰু অধিকতম ৩২বছৰ ( SC/ ST প্ৰাৰ্থী সকলৰ বাবে ৫বছৰ ৰেহাই)

দৰমহা : ৩২,০০০/- টকা (মাহিলী)।

ঠিকনা : শ্বিলং, মেঘালয়।

অন্তিম তাৰিখ : ১১/১১/২০২১।

অৰ্হতা :

• ইলেকট্ৰনিক্স বা যোগাযোগ অভিযান্ত্ৰিক বিষয়ত ডিপ্লোমা বা ইলেকট্ৰনিক্স বা যোগাযোগ অভিযান্ত্ৰিক বিষয়ত BE ডিগ্ৰীধাৰী বা ইলেকট্ৰনিক্স বা যোগাযোগ অভিযান্ত্ৰিক বিষয়ত B. Tech।

• ১ বা ২ বছৰৰ অভিজ্ঞতা।

• কম্পিউটাৰ নেটৱৰ্ক সম্বন্ধীয় বিভিন্ন সমস্যা যেনে, ইনষ্টলেচন, এভালুৱেচন আদিৰ সমাধান কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

• শ্ৰব্য, ভিডিঅ' এডিটিং আদিৰ কৌশল থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থীক অনলাইন যোগে নিৰ্ধাৰিত পাঠ্য ৰূপত নিজৰ আবেদন পত্ৰ, পাছপৰ্ট ফটো আৰু প্ৰয়োজনীয় নথি পত্ৰ উল্লেখিত ইমেইল লৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

মেইল : dert.edusat@gmail.com

• ইমেইল ৰ বিষয় হিচাপে বৰফলা আখৰেৰে "APPLICATION TO THE POST OF ASST. TECHNICIAN IN DERT EDUSAT" বুলি স্পষ্টভাৱে লিখিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• বাছনি কৰা প্ৰাৰ্থী সমূহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

• ভ্ৰমণৰ বাবে কোনো ধৰণৰ খৰচ ব্যয় কৰা নহ'ব।

• বাছনি কৰা প্ৰাৰ্থীয়ে নিযুক্তিৰ ১সপ্তাহৰ ভিতৰত যোগদান কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com