Begin typing your search above and press return to search.

মেঘালয়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

মেঘালয়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়ত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2021 10:46 AM GMT

মেঘালয়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়ত সহকাৰী টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : সহকাৰী কাৰিকৰ

খালী পদৰ সংখ্যা : ০১টা

বয়স : নূন্যতম ১৮বছৰ আৰু অধিকতম ৩২বছৰ ( SC/ ST প্ৰাৰ্থী সকলৰ বাবে ৫বছৰ ৰেহাই)

দৰমহা : ৩২,০০০/- টকা (মাহিলী)।

ঠিকনা : শ্বিলং, মেঘালয়।

অন্তিম তাৰিখ : ১১/১১/২০২১।

অৰ্হতা :

• ইলেকট্ৰনিক্স বা যোগাযোগ অভিযান্ত্ৰিক বিষয়ত ডিপ্লোমা বা ইলেকট্ৰনিক্স বা যোগাযোগ অভিযান্ত্ৰিক বিষয়ত BE ডিগ্ৰীধাৰী বা ইলেকট্ৰনিক্স বা যোগাযোগ অভিযান্ত্ৰিক বিষয়ত B. Tech।

• ১ বা ২ বছৰৰ অভিজ্ঞতা।

• কম্পিউটাৰ নেটৱৰ্ক সম্বন্ধীয় বিভিন্ন সমস্যা যেনে, ইনষ্টলেচন, এভালুৱেচন আদিৰ সমাধান কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

• শ্ৰব্য, ভিডিঅ' এডিটিং আদিৰ কৌশল থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থীক অনলাইন যোগে নিৰ্ধাৰিত পাঠ্য ৰূপত নিজৰ আবেদন পত্ৰ, পাছপৰ্ট ফটো আৰু প্ৰয়োজনীয় নথি পত্ৰ উল্লেখিত ইমেইল লৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

মেইল : dert.edusat@gmail.com

• ইমেইল ৰ বিষয় হিচাপে বৰফলা আখৰেৰে "APPLICATION TO THE POST OF ASST. TECHNICIAN IN DERT EDUSAT" বুলি স্পষ্টভাৱে লিখিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• বাছনি কৰা প্ৰাৰ্থী সমূহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

• ভ্ৰমণৰ বাবে কোনো ধৰণৰ খৰচ ব্যয় কৰা নহ'ব।

• বাছনি কৰা প্ৰাৰ্থীয়ে নিযুক্তিৰ ১সপ্তাহৰ ভিতৰত যোগদান কৰিব লাগিব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি