ডাঃ এইচ গৰ্ডন হাস্পতাল, শ্বিলঙত গৱেষণাগাৰ টেকনিচিয়ানৰ পদখালী
ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

ডাঃ এইচ গৰ্ডন হাস্পতাল, শ্বিলঙত, গৱেষণাগাৰ টেকনিচিয়ানৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
পদৰ নাম : গৱেষণাগাৰ টেকনিচিয়ান
খালী পদৰ সংখ্যা : ০১ টা
দৰমহা : ৯,০০০ টকা মাহিলী ( ডিগ্ৰীধাৰী)
৭,০০০ টকা ( ডিপ্লোমা )
পদৰ নাম : গৱেষণাগাৰ টেকনিচিয়ান ( অণুজীৱ বিজ্ঞান )
খালী পদৰ সংখ্যা : ০১টা।
দৰমহা : ৯,০০০ টকা মাহিলী ( ডিগ্ৰীধাৰী)
৭,০০০ টকা ( ডিপ্লোমা )
নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩১/০৮/২০২১
অৰ্হতা :
গৱেষণাগাৰ টেকনিচিয়ান : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী চিকিৎসা গৱেষণাগাৰ টেকনিচিয়ান বিভাগত ডিগ্ৰীধাৰী/ ডিপ্লোমাধাৰী হ'ব লাগিব।
গৱেষণাগাৰ টেকনিচিয়ান (অণুজীৱ বিজ্ঞান) : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অণুজীৱ বিজ্ঞান বিভাগত BSc MLT/ MSc MLT কৰা হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ নিমোক্ত ঠিকনাৰ কাৰ্যালয়লৈ ৩১ আগষ্ট, ২০২১ৰ আগত পঠাব পাৰিব।
ঠিকনা : ডাঃএইচ গৰ্ডন হাস্পতাল, জয়াৱ, শ্বিলং, মেঘালয়।