মেঘালয়ৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ ( (FCSCA)-ত পদ খালী

মেঘালয়ৰ খাদ্য আৰু অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা সঞ্চালকালয়ে টেকনিকেল ছাপোৰ্ট ষ্টাফ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
মেঘালয়ৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ ( (FCSCA)-ত পদ খালী

মেঘালয়ৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ ( (FCSCA)-ৰ বিষয়েঃ 

মেঘালয়ৰ খাদ্য আৰু অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে গ্ৰাহকৰ স্বাৰ্থৰ ৰক্ষাৰ্থে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই বিভাগ মেঘালয় গঠনৰ সময়তে ১৯৭১-৭২তে গঠন কৰা হয়। ১৯৮৬-ৰ গ্ৰাহক সুৰক্ষা আইন প্ৰণয়নৰ পাছৰ পৰা এই বিভাগক খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগ ৰূপে পুনৰ নামকৰণ কৰা হয়। এই নাম ১৯৯৪-ৰ আগষ্টৰ পৰা প্ৰযোজ্য হৈ আছে। 

এই বিভাগৰ প্ৰাথমিক কাম হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থা উপযুক্তভাবে চলাই ৰখা আৰু প্ৰতিজন ব্যক্তিলৈ খাদ্য য়োগান নিশ্চিত কৰা যাতে তেওঁলোকে বহনক্ষম মূল্যত খাদ্য-বস্তুৰ যোগান লাভ কৰে। ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বজাৰত উপলব্ধ হৈ থকাটোও এই বিভাগে নিশ্চিত কৰিব লাগে।  লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে চোৰাংবেহা ৰোধ আৰু অসাধু ব্যৱসায়ীয়ে যাতে নাটনিৰ সৃষ্টি কৰিব নোৱাৰে, সেয়াও এই বিভাগে নিশ্চিত কৰিব লাগে। 

মেঘালয়ৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ ( (FCSCA)-ত পদ খালীঃ  

মেঘালয়ৰ খাদ্য আৰু অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সঞ্চালকালয়ে টেকনিকেল ছাপোৰ্ট ষ্টাফ নিযুক্তিৰ বাবে Standard Form-ত অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ  পৰা আবেদন বিচাৰিছে। এই নিযুক্তি ৰিভই জিলাৰ উপায়ুক্ত কাৰ্যালয়ত হব। এই নিযুক্তি ঠিকাভিত্তিত হব।

এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰেঃ 

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰেঃ 

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

টেকনিকেল ছাপোৰ্ট সহায়ক। 

খালী পদ  

১ টা। 

বয়সৰ সীমাঃ 

মেঘালয় চৰকাৰৰ নিযম অনুসৰি। 

দৰমহা

মাহিলী ৪০ হেজাৰ টকা। 

নিযুক্তিৰ স্থান


শ্বিলং, মেঘালয়। 


শিক্ষাগত অৰ্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  ছায়েন্স/ আই টিত বি ই, বি টেক বা এম চি এ./ বি চি এ/ বি এছ চি ( আই টি) হব লাগিব।

বাধ্যতামূলক দক্ষতাৰ ক্ষেত্ৰঃ  MS SQL, RDBMS, JAVA, C#, Database Management, ITIL, Project Management, Data Analytics, and MIS। 

 আবেদন কৰাৰ পদক্ষেপ : 

১) ইচ্ছ্য়ুক প্ৰাৰ্থীয়ে ষ্টেণ্ডাৰ্ড প্ৰ-পত্ৰযোগে আবেদন জনাব লাগিব। 

২) আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪ জানুৱাৰী, ২০২২-ৰ বিয়লি ৪ বজা।

সাক্ষাতকাৰৰ তাৰিখঃ ২৭ জানুৱাৰী, ২০২২-ৰ দিনৰ ১১ বজাত। 

প্ৰাৰ্থীয়ে আবেদন পত্ৰ  Directorate of Food Civil Supplies & Consumer Affairs, Horse Shoe Building (Ground Floor), Room No. 24 (B) Lower Lachumiere, Shillong-793001-ত জমা দিব লাগিব। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com