অসমৰ চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব'ৰ্ডৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
অসমৰ চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব'ৰ্ডৰ আবেদন আহ্বান
Published on

অসমৰ চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব'ৰ্ডে  সহকাৰী অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : সহকাৰী অধ্যাপক

খালী পদৰ সংখ্যা : ০১টা

বয়স : ৪৫বছৰ

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

দৰমহা : ৫৭,৭০০ - ১,৮২,৪০০টকা, মাহিলী

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৪/০৯/২০২১

আবেদন মাছুল : ২৫০টকা

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীগৰাকীয়ে ভাৰতীয় ঔষধ কেন্দ্ৰীয় পৰিষদ আইন, ১৯৭০ ৰ অধীনত স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা আয়ুৰ্বেদত স্নাতক ডিগ্ৰী বা ইয়াৰ সমতুল্য ডিগ্ৰী কৰিব লাগিব। সংশ্লিষ্ট বিষয় বা বিশেষত্বত স্নাতকোত্তৰ অৰ্হতা ভাৰতীয় ঔষধ কেন্দ্ৰীয় পৰিষদ আইনৰ ১৯৭০ অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি মণ্ডলৰ অফিচিয়েল ৱেবচাইট লৈ অহা ০৪ ছেপটেম্বৰ ২০২১ৰ আগেয়ে প্ৰৰণ কৰিব লাগিব। লগতে অফলাইন বা অনলাইন যোগে ২৫০টকাৰ আবেদন মাছুলো আদায় কৰিব লাগিব। আৰু ইয়াৰ বাছনি প্ৰক্ৰিয়া প্ৰাৰ্থীৰ সাক্ষাৎকাৰত প্ৰদৰ্শন কৰা দক্ষতাৰ ওপৰত ভিত্তি কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com