মাৰ্টিন লুথাৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক-শৈক্ষিক সমন্বয়কৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
মাৰ্টিন লুথাৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক-শৈক্ষিক সমন্বয়কৰ পদ খালী

শ্বিলংস্থিত ব্যক্তিগত বিশ্ববিদ্যালয় মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক আৰু শৈক্ষিক সমন্বয়ক নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

সহকাৰী অধ্যাপক (মনোবিজ্ঞান বিভাগ)। 

খালী পদৰ সংখ্যাঃ ০১টা। 

শিক্ষাগত অৰ্হতাঃ কাউন্সেলিঁং চাইকোলজীত এম এছ চিসহ নেট থাকিব লাগিব।  এডুকেচনে কাউন্সেলিং/ কেৰিয়াৰ কাউন্সেলিং/ স্কুল কাউন্সেলিঙত স্পেচিয়েলাইজেচন থাকিব লাগিব। পি  এইচ ডি থাকিলে অগ্ৰাধিকাৰ পাব। ন্যূনতম ৩-৫ বছৰৰ শিক্ষণৰ অভিজ্ঞতা থাকিব লাগিব। 

নিযুক্তিৰ স্থানঃ  শ্বিলং। 

শৈক্ষিক সমন্বয়কঃ 

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ কাউন্সেলিঁং চাইকোলজীত এম এছ চি থাকিব লাগিব। তদুপৰি ক্ষেত্ৰ আৰু প্ৰশাসনিক কামত ৫ বছৰৰ  অভিজ্ঞতা থাকিব লাগিব। ইংৰাজী, খাচী আৰু হিন্দী সলসলীয়াকৈ কব পাৰিব লাগিব। বিভিন্ন কমিউনিকেচন আৰু মেনেজমেণ্ট ছফটৱেৰ চলাব পাৰিব লাগিব। 

নিযুক্তিৰ স্থানঃ শ্বিলং। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০ অক্টোবৰ, ২০২১। 

প্ৰাৰ্থীয়ে অহা ৩০ অক্টোবৰৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ hr@mlcuniv.in-লৈ প্ৰেৰণ কৰিব পাৰে বা   HR office, Martin Luther Christian University, Dongktieh, Block – 1, Nongrah, Shillong- 793006 , Meghalaya-লৈ প্ৰেৰণ কৰিব পাৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com