Begin typing your search above and press return to search.

মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ত কনিষ্ঠ অভিযন্তা, আন পদ খালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ত কনিষ্ঠ অভিযন্তা, আন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Nov 2021 10:03 AM GMT

মেঘালয়ৰ শ্বিলঙত অৱস্থিত মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয় এখন বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)-ৰ স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত বিশ্ববিদ্য়ালয়। ৰাজহুৱা জীৱনলৈ আগবঢ়োৱা সেৱাৰ অধীনত বিশ্ববিদ্যালয়খনে গুণসম্পন্ন পেচাদাৰী সৃষ্টিৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীক গুণগতমানৰ শিক্ষা আগবঢ়াই আহিছে।

এই বিশ্ববিদ্যালয় পঞ্চদশ শতিকাৰ সমাজ সংস্কাৰক মাৰ্টিন লুথাৰ ( ১৪৮৩-১৫৪৬)-ৰ নামেৰে নামকৰণ কৰা হৈছে। লুথাৰ আছিল সাধাৰণ লোকৰ মাজত উচ্চ শিক্ষা বিস্তাৰ কৰা প্ৰথমজন খ্ৰীষ্টান ব্যক্তি।


মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ৰ চাকৰিৰ অধিসূচনাঃ

শেহতীয়াভাবে মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ে পুৰুষ কাউন্সেলৰ আৰু কনিষ্ঠ অভিযন্তাৰ ২ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী ব্যক্তিসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।

আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ


পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

১) পুৰুষ কাউন্সেলৰ, ২) কনিষ্ঠ অভিযন্তা।

খালী পদৰ সংখ্যা

পুৰুষ কাউন্সেলৰঃ ১টা। কনিষ্ঠ অভিযন্তাঃ ১টা।

স্থান

শ্বিলং, মেঘালয়।

বয়স

উল্লেখ নাই

দৰমহা

উল্লেখ নাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

১৮/১১/২০২১

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতা :

পুৰুষ কাউন্সেলৰৰ বাবে প্ৰাৰ্থী ক্লিনিকেল চাইকোলজীৰ এম এছ চি ডিগ্ৰীধাৰী হোৱাৰ লগতে ১-৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

কনিষ্ঠ অভিযন্তাৰ বাবে প্ৰাৰ্থী চিবিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী হোৱাৰ লগতে ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অথবা চিবিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী আৰু গৃহ নিৰ্মাণ, তদাৰকী আৰু কাৰ্য সম্পাদনত ৩-৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ প্ৰক্ৰিয়া :

আবেদন পত্ৰ hr@mlcuniv.in-লৈ প্ৰেৰণ কৰিব লাগিব। অথবা মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ৰ মানৱ সম্পদ বিভাগৰ কাৰ্যালয়ত ৰখা বাকচত জমা দিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ ।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি